বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্ৰকাশ জাফাৰ

Homen Borgohain Photo Special arrangement copy

বিশিষ্ট সাহিত্যিক/সাংবাদিক/সম্পাদক হোমেন বৰগোহাঞিৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে জাৰ্ণেলিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফাই ।

ADVERTISEMENT

এক বিবৃতিত জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায় আৰু মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়াই কয় যে, হোমেন বৰগোহাঞিৰ মৃত্যুত অসমীয়া সাহিত্যত এটা যুগৰ অৱসান ঘটিল । বৰেণ্য সাহিত্যিক গৰাকীৰ দেহাৱসানে অসমীয়া সাহিত্যত এটি বৃহৎ শূণ্যতাৰ সৃষ্টি কৰিব । জাফাই তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকাকুল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

ইপিনে, দোতমা প্ৰেছ ক্লাবৰ সভাপতি কৃষ্ণ বৰ্মন আৰু সহঃ সম্পাদক ধনকেশ বৰ্মনেও শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে ।

Exit mobile version