বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ দেহাৱসান

hb

পুৱা ৬.৫৮ বজাত GNRC ত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকীয়ে।নিশা ৩বজাত অসুস্থ হৈ পৰাত দুই সহায়কাৰীয়ে লৈ আহিছিল হাস্পতাললৈ।

কিছুদিন পূৰ্বে ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠিছিল সাহিত্যিকগৰাকী। ৮৯বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অসমৰ জনপ্ৰিয় সাহিত্যিক হোমেন বৰগোহাঞিয়ে।

বৰগোহাঞি আছিল অসমৰ এগৰাকী অন্যতম সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। সাহিত্যিকগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে গভীৰ শোক প্ৰকাশ কৰিছে ।

Exit mobile version