বেঁকীৰ খহনীয়াই বিপদ মাতিছে বাৰাপেটা-মিলনবজাৰ-বৰপেটাৰোড সংযোগী পথলৈ

বাৰিষাৰ পূৰ্বেই চপৰা চপৰে খহিছে গৰা

WhatsApp Image 2021 05 12 at 6.56.24 PM

বাৰিষাৰ পূৰ্বেই বেঁকী নৈৰ গৰাখহনীয়াই বিপদ কঢ়িয়াইছে বাগ্‌সাৰ শালবাৰীৰ বাৰাপেটা-মিলন বজাৰ-বৰপেটাৰোড সংযোগী পথলৈ ৷ বাৰিষা নাহোতেই গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি পথছোৱা চিঙি নিয়াৰ প্ৰবল সম্ভাৱনাই দেখা দিছে ৷

বাগ্‌সাৰ বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ বাৰাপেটা দোমনি ঘাটত চপৰা চপৰে খহিবলৈ লৈছে বেঁকী নৈৰ গৰা ৷ ফলত ভাবুকি নামি আহিছে বাৰাপেটা-মিলন বজাৰ-বৰপেটাৰোড সংযোগী পথটোলৈ ৷ খহনীয়াৰ ফলত ক্ৰমান্বয়ে পথটোৰ ওচৰ চাপি আহিছে নৈখন ৷

এনেকৈ খহনীয়া অব্যাহত থাকিলে মাত্ৰ কিছুদিনৰ পিছতেই নৈখনৰ খহনীয়াত পথটো সম্পূৰ্ণভাৱে জাহ যোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ পথটো কেনেবাকৈ বেঁকীৰ বুকুত জাহ গ’লে বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ প্ৰায় সত্তৰ হাজাৰ লোকৰ যাতায়াতৰ ক্ষেত্ৰত বৃহৎ সমস্যাই দেখা দিব৷ বেপাৰ বাণিজ্য বা অন্য কাৰণতেই হওক নামনি অসমৰ বৃহৎ বাণিজ্যিক নগৰ বৰপেটা ৰোডলৈ অহাযোৱা কৰিবলৈ হ’লেও ১৫/২০ কিলোমিটাৰ ঘূৰিহে ৰাইজে যাতায়াত কৰিব লাগিব৷

সেয়ে সময় থাকোতেই বিজ্ঞানসন্মত পদ্ধতিৰে খহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি স্বাইজুদ্দিন খণ্ডকাৰৰ লগতে স্থানীয় ৰাইজে৷

Exit mobile version