হোমেন বৰগোহাঞিৰ মৃত্যুত বজালীত শোকৰ বন্যা

Homen

অসমৰ বিশিষ্ট সাহিত্যিক সাংবাদিক সুবক্তা হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ ৰাজ্যিৰ বৃহত্তৰ বজালীবাসীও মৰ্মাহত হৈ পৰিছে । অসমৰ সাহিত্য আৰু সংস্কৃতিৰ ভঁৰাল চহকী কৰা এই গৰাকী মহান বৰোন্যৰ বজালীৰ লগটো আছিল এক সুসম্পৰ্ক । তেওঁৰ মৃত্যুত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

ADVERTISEMENT

বজালী জিলাৰ উপয়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, ভ্ৰাম্যমাণ নাট্য আন্দোলনৰ অন্যতম পুৰোধা কৃষ্ণ ৰয়, বজালী জিলা সাংবাদিক সন্থাৰ সভাপতি নবকান্ত কলিতা, সম্পাদক হিৰেণ কলিতা,পাঠশালা বজাৰ সমিতিৰ সভাপতি গিৰীধৰ চৌধুৰী, ইণ্ডিয়ান জাৰ্নেলিষ্ট উনিয়ন বজালী জিলা সমিতিৰ সভাপতি হৰমোহণ বৰ্মণ, সাধাৰণ সম্পাদক জিন্টুল তালুকদাৰ, সাংগঠনিক সম্পাদক মৃন্ময় পাঠক, উদয়ণ সংঘৰ সভাপতি ৰুবুল শৰ্মা, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় স: সম্পাদক মৃদুল তালুকদাৰ, পাঠশালা প্ৰেছ ক্লাৱৰ সভাপতি কৈলাস চৌধুৰী ভাৰপ্ৰাপ্ত সম্পাদক ৰঞ্জিত দাস, পাটাছাৰকুচি প্ৰেছ ক্লাৱ, পাঠশালা বজাৰ সমিতি, বিশিষ্ট শিক্ষাবিদ ড০ ৰনজিৎ ডেকা, বিজেপি বজালী জিলা সভাপতি নগেন চৌধুৰী ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন আদিকে ধৰি অনেক গুনমুগ্ধই তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Exit mobile version