হোমেন বৰগোহাঞিৰ মৃত্যুত শোক প্রকাশ বিভিন্ন দল সংগঠনৰ

183940892 2402245323252532 6492014785775197912 n

আজি এক প্ৰেছ বিবৃতিযোগে কামতাপুৰ প্ৰ’গ্ৰেছিভ পাৰ্টিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতি, জেষ্ঠ সাংবাদিক, কবি , সাহিত্যিক, গল্পকাৰ, সমালোচক , নিবন্ধকাৰ, গৱেষক আৰু সাহিত্য একাডেমি বঁটা প্ৰাপক হোমেন বৰগোঁহাঞি দেৱৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰে।

সাধাৰণ সম্পাদক ৰায়ে কয় যে, বৰগোহাঞি দেৱৰ মৃত্যু ৰাজ্যখনৰ লগতে গোটেই ভাৰতবৰ্ষৰ বৌদ্ধিক জগতৰ এক অপুৰণীয় ক্ষতি । তেখেতৰ এই শূণ্য স্থান কোনেও পূৰ্ণ কৰিব নোৱাৰিব। তেখেতৰ মৃত্যুত আমি বৌদ্ধিকভাৱে হেৰুৱালো এগৰাকী অভিভাৱকক।

লগতে সাধাৰণ সম্পাদক ৰায়ে তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি বৰগোঁহাঞি দেৱৰ শোকশ্তব্ধ পৰিয়ালবৰ্গক গভীৰ সমবেদনা ব্যক্ত কৰে।

ইপিনে, কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনেও সাহিত্যিকজনৰ মৃত্যুত অপুৰণীয় ক্ষতি বুলি শোক প্রকাশ কৰে। তেওঁ লগতে কয় যে, সাহিত্যিক হোমেন বৰগোহাঞি সাহিত্যৰ জগতৰ মেৰুদণ্ডস্বৰূপ । এনেধৰণৰ ব্যক্তিৰ মৃত্যু হোৱা মানে সমাজৰ অপুৰণীয় ক্ষতি বুলিও প্ৰকাশ কৰে।

Exit mobile version