৯০ শতাংশ কৰ’না ৰােগী ঘৰতে হৈছে সুস্থ, কিন্তু কেতিয়া অন্ত পৰিব গৃহ আছুতীয়াকৰণৰ ?

1620024403 shutterstock 1687230346

কৰ’নাত আক্রান্তসকলৰ ৯০ শতাংশ ৰােগীয়ে ঘৰতে চিকিৎসকৰ পৰামৰ্শ মানি সুস্থ হৈছে। এইসকল ৰােগীক অক্সিজেনৰ প্রয়ােজন অথবা চিকিৎসালয়ত ভর্তি কৰাব লগা হােৱা নাছিল।

কিন্তু যিসকল লােকে কৰ’নাত আক্রান্ত হৈ গৃহ আছুতীয়াকৰণত আছিল, তেওঁলােকে এক সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাটো হৈছে প্ৰকৃততে তেওঁলােকে কিমানদিনলৈ গৃহ আছুতীয়াকৰণৰ নিয়ম মানি চলিব লাগিব।

ডাঃ তেজ প্রতাপ টোমৰ আৰু ডাঃ পুনম চন্দানীয়ে এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়াই কয় যে, কৰ’নাত আক্রান্ত ৰােগীক কোনাে শাৰীৰিক সমস্যা নাথাকিলে ঘৰতে থকাৰ পৰামর্শ দিয়া হয়।

এই ক্ষেত্ৰত ৰােগীয়ে গৃহ আছুতীয়াকৰণৰ নিয়ম মানি চলিব লাগে। সাধাৰণতে ক’ভিড ৰােগীক ১৪ দিনৰ পৰা ১৭ দিন গৃহ আছুতীয়াকৰণত থকাৰ পৰামর্শ দিয়া হয়। যিসকল লােকৰ সংক্ৰমণৰ লক্ষণ নাথাকে, তেওঁলােকৰ শৰীৰত ক’ভিডৰ সংক্রমণ ধৰা পৰিলে সাধাৰণতে ১০ দিন গৃহ আছুতীয়াকৰণৰ পৰামর্শ দিয়া হয়।

ৰােগীৰ যদিহে একেৰাহে তিনিদিন ধৰি জ্বৰ নহয়, তেন্তে ইয়াৰ সাতদিনৰ পাছত গৃহ আছতীয়াকৰণ সমাপ্ত কৰিব পাৰি। ক’ভিডত সুস্থ হােৱাৰ পাছত কোনাে উপসর্গ নাথাকিলে ৰােগীয়ে ১৪-১৭ দিন পাছত কর্মক্ষেত্রলৈ উভতি যাব পাৰে।

অৱশ্যে সংক্রমিত লােকে সুস্থ হােৱাৰ পাছতাে ৯০ দিনলৈ কঠোৰভাৱে ক’ভিড বিধি মানি চলা প্রয়ােজন।

Exit mobile version