আংশিক তলাবন্ধৰ ম্যাদ এক জুনলৈ বৃদ্ধি কৰা হ’ল মহাৰাষ্ট্ৰত

973645 maharashtra lockdown

মহাৰাষ্ট্ৰৰ আংশিক তলাবন্ধৰ ম্যাদ বৃদ্ধি । আগন্তুক এক জুন পুৱা সাত বজা পৰ্যন্ত তলাবন্ধৰ বিধি অব্যাহত থাকিব বুলি জনায় উদ্ধৱ ঠাকৰে চৰকাৰে । অৱশ্যে প্ৰতিদিনে চাৰি ঘণ্টাৰ বাবে আৱশ্যকীয় পণ্যৰ দোকান খোলা ৰখাৰ অনুমতি দিয়া হৈছে ।

লগতে চৰকাৰে জনায় যে, ৫০ শতাংশ জনপৰিবহণ অব্যাহত থাকিব । অত্যাৱশ্যকীয় কাৰণতে যাতায়ত কৰিব পাৰিব বাছ, অ’ট’, টেক্সিত । যাত্ৰীয়ে প্ৰয়োজনত যাত্ৰাৰ কাৰণো প্ৰমাণ কৰিবলগীয়া হ’ব পাৰে । আৰটিপিচিআৰ পৰীক্ষণৰ নিগেটিভ ৰিপ’ৰ্ট থাকিলেহে ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব বুলি জনোৱা হয় চৰকাৰী নিৰ্দেশনাত ।

বুধবাৰে সংক্ৰমণ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাত বৈঠক অনুষ্ঠিত হয় । মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে জনায়, ৰাজ্যত সংক্ৰমণৰ সংখ্যা এই পৰ্যন্ত দেশৰ মুঠ সংক্ৰমণৰ প্ৰায় অৰ্ধেক । সংক্ৰমণৰ হাৰ হ্ৰাস হৈছে যদিও, সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হ্ৰাস হোৱা নাই । ইয়াৰ পাছতেই মহাৰাষ্ট্ৰৰ তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা বুলি ঘোষণা কৰে প্ৰশাসনে । পূৰ্বে ১৫ মে’ পৰ্যন্ত তলাবন্ধ ঘোষণা কৰা হৈছিল । বৃহস্পতিবাৰে সেই ম্যাদ ১৬ দিনলৈ বৃদ্ধি কৰে মহাৰাষ্ট্ৰ প্ৰশাসনে ।

সম্প্ৰতি, বিবাহ বা অনুষ্ঠানৰ বাবে মাত্ৰ ২৫ জনৰ অনুমতি দিছে মহাৰাষ্ট্ৰ চৰকাৰে । সেই অনুষ্ঠান দুই ঘণ্টাৰ ভিতৰত সম্পন্ন কৰাৰো নিৰ্দেশ জাৰি কৰা হৈছে ।

Exit mobile version