কোহলিয়ে স্বাক্ষৰ কৰা জাৰ্ছি ফ্ৰেম কৰি ৰাখিব বিচাৰে আজহাৰে

unnamed 1

বিৰাট কোহলিয়ে স্বাক্ষৰ কৰা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ জাৰ্ছি ফ্ৰেমত ৰাখিব বিচাৰে ক্ৰিকেটাৰ মহম্মদ আজহাৰ‌উদ্দিনে । ছৈয়দ মুস্তাক আলি ট্ৰফীত ভাল খেলাৰ বাবে এইবাৰৰ নিলামত আৰচিবিয়ে তেওঁক বাছি লয় । টি২০ প্ৰতিযোগিতাত মাত্ৰ ৩৭ টা বলত তেওঁ শতৰাণ কৰিছিল ।

জাৰ্ছিত বিৰাটে স্বাক্ষৰ কৰাৰ মুহূৰ্ত সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বেটছমেনজনে লিখে, ‘ম‌ই এইটো জাৰ্ছি ফ্ৰেম কৰি ৰাখিম ।’ কিছুদিন পূৰ্বে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাৰ স’তে ফটো তুলি সামাজিক মাধ্যমত পোষ্ট কৰিছিল আজহাৰ‌উদ্দিনে ।

অৱশ্যে আইপিএলত এখনো খেল খেলাৰ সুযোগ লাভ কৰা নাছিল বেটছমেনজনে । বহু ক্ৰিকেটাৰ কৰ’নাত আক্ৰান্ত হোৱাৰ ফলত আইপিএল স্থগিত কৰিবলগীয়া হয় ।

Exit mobile version