চিৰাঙত তিনি জিলাৰ ক’ভিড তত্বাৱধায়ক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

মন্ত্ৰিত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে চিৰাং জিলা ভ্ৰমণ কৰি জিলাপ্ৰশাসনৰে সভাত মিলিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই । মন্ত্ৰীজনক সংগ দিয়ে চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচি স্বাস্থ্য বিভাগৰ কাৰ্য‍্যবাহী সদস‍্য অৰূপ কুমাৰ দেই ।

ADVERTISEMENT

মন্ত্ৰী ব্ৰহ্মই চিৰাং জিলা ভ্ৰমণ কৰি কয় যে, চিৰাঙত অতিশীঘ্ৰেই আইচিইউ কাৰ্য‍্যক্ষম কৰি তুলিবৰ বাবে ব‍্যৱস্থা লোৱা হ’ব। চিৰাঙত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত যদিও আমি অগ্ৰিমভাৱে ব‍্যৱস্থা গ্ৰহণ কৰিছো বুলিও জনায় মন্ত্ৰীজনে‌ ।

মন্ত্ৰীজনে কাজলগাঁও জেএছবি অসামৰিক চিকিৎসালয়ত স্থাপন হ’বলগীয়া অক্সিজেন প্লান্টৰো ভ্ৰমণ কৰি বুজ লয় ।

Exit mobile version