দিল্লীত বন্ধ হ’ল ১৮-৪৪ বছৰ বয়সীয়াসকলৰ ক’ভেক্সিন টিকাকৰণ, প্ৰতিষেধক লাভ কৰিব ৪৫ ৰ ঊৰ্ধ্ব‌ই

20180320PHT00141 pl

দিল্লীত প্ৰতিষেধকৰ নাটনি । সেয়ে বৃহস্পতিবাৰৰ পৰা বন্ধ কৰি দিয়া হ’ল১৮-৪৪ বছৰ বয়সৰ লোকৰ ক’ভেক্সিন টিকাকৰণ । দিল্লীৰ চৰকাৰে জনায় যে, সম্প্ৰতি প্ৰথম শাৰীৰ যোদ্ধা আৰু ৪৫ৰ ঊৰ্ধ্বৰ লোকসকলে প্ৰতিষেধক লাভ কৰিব ।

লগতে কেন্দ্ৰক প্ৰতিষেধক প্ৰেৰণ কৰিবৰ বাবে অনুৰোধো কৰিছে দিল্লীয়ে । চৰকাৰক কৰ’নাৰ কোনটো প্ৰতিষেধক কিমান পৰিমাণে আছে তাৰ এটি হিচাপ দি দিল্লী চৰকাৰে কয়, ‘সম্প্ৰতি চৰকাৰৰ হাতত চাৰি দিনৰ বাবে ক’ভেক্সিন প্ৰতিষেধক আছে । এইখিনি দিল্লীৰ প্ৰথম শাৰীৰ আৰু ৪৫ ৰ ঊৰ্ধ্ব‌ৰ লোকসকলক দিয়া হ’ব । ক’ভিশ্বিল্ড আৰু অন্যান্য প্ৰতিষেধক আছে ন দিনৰ বাবে । কেন্দ্ৰ‌ই শীঘ্ৰে প্ৰতিষেধক প্ৰেৰণ নকৰিলে কিছুদিনৰ ভিতৰতে দিল্লীত টিকাকৰণ কাৰ্যসূচী বন্ধ কৰিব লাগিব ।’

মংগলবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাইছিল, মাত্ৰ কিছুদিনৰ বাবে প্ৰতিষেধক উপলব্ধ আছে দিল্লীত । যি হাৰত দিল্লীত টিকাকৰণ কৰা হৈছে, কিছুদিনৰ ভিতৰতে এই প্ৰতিষেধক সমাপ্ত ‌হৈ যাব । দিল্লীত দৈনিক ১.২৫ লাখ দিল্লীবাসীৰ টিকাকৰণ কৰা হৈছে বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বুধবাৰে প্ৰশাসনে জনায় যে, সম্প্ৰতি ১৮-৪৪ বছৰ বয়সৰ ভিতৰৰসকলক ক’ভেক্সিন প্ৰতিষেধক দিয়া নহ’ব । ফলত কিছু পৰিমাণে হ’লেও দৈনিক টিকাকৰণৰ হাৰ কমি যাব ।

দিল্লী চৰকাৰে জনায় যে, সম্প্ৰতি চৰকাৰৰ তাত থকা ক’ভেক্সিন প্ৰতিষেধক প্ৰথম শাৰীৰ যোদ্ধা আৰু ৪৫ ৰ ঊৰ্ধ্ব‌ৰ সকলে লাভ কৰিব । ইয়াৰ ভিতৰত যিসকলে প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে তেওঁলোকক অধিক গুৰুত্ব প্ৰদান কৰা হ’ব । ক’ভিশ্বিল্ডসহ অন্যান্য প্ৰতিষেধকৰ পৰিমাণো কম আছে । সেয়ে যথা সময়ত প্ৰতিষেধক লাভ নকৰিলে সম্পূৰ্ণভাৱে টিকাকৰণ বন্ধ হৈ পৰিব ।

Exit mobile version