বাগসাৰ কালপানীত সান্ধ্য আইন ভঙ্গ কৰি শিল-বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য

Dumper1 min

ৰাজ্যত দ্ৰুত হাৰত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী নিৰ্দেশনা অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা সমগ্ৰ ৰাজ্যতে সান্ধ্য আইন বলবৎ আছে যদিও এই সান্ধ্য আইন উলংঘা কৰি বাগসাৰ শালবাৰী মহকুমাৰ কালপানী-গোৱৰ্দ্ধনা অঞ্চলত অবাধে চলি আছে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ৷

তথ্য অনুসৰি, কালপানী তথা গোৱৰ্দ্ধনাৰ আশে-পাশে থকা বিভিন্ন শিল-বালিৰ কুৱেৰীৰ পৰা সন্ধিয়া ছয় বজাৰ পাছত ডাম্পাৰে ডাম্পাৰে অবাধে ভিন্ন স্থানলৈ কঢ়িয়াই থকা হৈছে শিল-বালি৷

আনহাতে নিশা দুপৰলৈ এনেদৰে সান্ধ্য আইন ভঙ্গ কৰি শিল-বালি কঢ়িওৱা কাৰ্য্য ভালেকেইদিন ধৰি অব্যাহত থকাৰ তথ্য পোৱা গৈছে৷

তাৎপৰ্যপূৰ্ণভাৱে কিন্তু এই কাৰ্য ৰোধ কৰাত আৰক্ষীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ইফালে সান্ধ্য আইন উলংঘা কৰি নিশাৰ ভাগত এনেদৰে ডাম্পাৰেৰ শিল-বালি কঢ়িয়াই থকা কাৰ্য্য আৰক্ষী-প্ৰশাসনৰ চৰম হেমাহিৰ বাবেই চলি থকা বুলি অভিযোগ কৰি এই কাৰ্য্য শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনাইছে ৰাইজে৷

আনহাতে এচামে আৰক্ষী-প্ৰশাসন তথ চৰকাৰী নিষেধাজ্ঞাকো কেৰেপ নকৰি এনেদৰে ব্যৱসায় চলাই থকাত ক্ষোভিত হৈ সান্ধ্য আইন কেৱল খাটি খোৱা মানুহৰ বাবেই নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে বহুজনে৷

Exit mobile version