কৰ’না মুক্তিৰ পাছতো হওক সাৱধান

COVID 19 Patient 3 ICU 1200x800 1

কৰ’নাত আক্ৰান্ত হৈ আৰােগ্য লাভ কৰা বহু ৰােগী পুনৰ অন্যান্য স্বাস্থ্যজনিত সমস্যাত আক্রান্ত হােৱাটো প্রত্যক্ষ হৈছে। আনকি যুৱ প্ৰজন্মৰ মাজতাে কৰ’নাত সুস্থ হােৱাৰ পাছত পুনৰ স্বাস্থ্য সমস্যাই দেখা দিছে।

চিকিৎসক-গৱেষকে লাভ কৰা তথ্য অনুসৰি, ক’ভিডত আক্ৰান্ত হৈ ৰােগমুক্ত হােৱাৰ পাছতাে একাধিক ৰােগ বা স্বাস্থ্য সমস্যাই দেখা দিব পাৰে।

এইদৰে সুস্থ হােৱা ৰােগীৰ মাজত ভাৰতত শেহতীয়াভাৱে আৰােগ্য হােৱা ব্যক্তিজন হৃদৰােগ, হাওঁফাওঁ ৰােগ, যকৃতৰ ৰােগ, বৃক্কৰ ৰােগ, অগ্নাশয়ৰ ৰােগত আক্রান্ত হােৱাৰ অভিযােগ উত্থাপিত হৈছে।

চিকিৎসক বিশেষজ্ঞই পৰামর্শ দি কয় যে ক’ভিডত সুস্থ হােৱা লােক্সকলে পৰৱর্তী কে’বামাহ সময় যথেষ্ট স্বাস্থ্য সচেতনতা অৱলম্বন কৰাটো অতি জৰুৰী।

অন্যথা অতর্কিতে প্রাণঘাতী স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব লাগিব পাৰে। ক’ভিডত সুস্থ হােৱা পাঁচ শতাংশ লােকৰ ক্ষেত্ৰত এইদৰে পৰৱর্তী সময়ত স্বাস্থ্যজনিত সমস্যাত আক্রান্ত হােৱাৰ প্ৰমাণ লাভ কৰা হৈছে।

এইসকলৰ সৰহসংখ্যকৰ বয়স ৫০-৫৫ বছৰৰ ভিতৰত। চিকিৎসকে লগতে কয় যে প্রয়ােজনীয় সতর্কতা অৱলম্বন কৰিলে এইসকল লােক পুনৰ জটিল স্বাস্থ্য সমস্যাত আক্রান্ত নহ’লহেঁতেন।

Exit mobile version