বাগ্‌সাৰ শালবাৰীত চৰকাৰী চাউলৰ নামত বৰবিহ

খাদ্য সুৰক্ষাৰ চাউলৰ লগত ইউৰিয়া সাৰ মিহলোৱাৰ অভিযোগ

WhatsApp Image 2021 05 14 at 6.28.17 PM

বাগ্‌সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ৰাজাবিল গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ মাজত চৰকাৰে যোগান ধৰা চাউলৰ লগত ইউৰিয়া সাৰ মিহলি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে একাংশ হিতাধিকাৰীয়ে । উল্লেখযোগ্য যে চৰকাৰৰ অন্ন সুৰক্ষা আঁচনিৰ জৰিয়তে যোগান ধৰা বিনামূলীয়া চাউল ৰাজাবিল গাঁৱৰ সুলভ মূল্যৰ দোকান এখনৰ পৰা গাঁওখনৰ কেইগৰাকীমান হিতাধিকাৰীয়ে সংগ্ৰহ কৰিছিল ।

কিন্তু হিতাধিকাৰীকেইগৰাকীয়ে চাউলখিনি ঘৰলৈ নি চাউলৰ লগত ইউৰিয়া সাৰ মিহলি হৈ থকা প্ৰত্যক্ষ কৰে । ইয়াৰ পাছতে গাঁওখনত ঘটনাটো কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। উক্ত গাঁৱৰ হিতাধিকাৰীসকলে এই ক্ষেত্ৰত চৰকাৰৰ যোগান বিভাগক দোষাৰোপ কৰি তীব্ৰ সমালোচনা কৰে।

ক্ষুদ্ধ হিতাধিকাৰীসকলে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, কৰ’না মহামাৰীৰ মাজতে চৰকাৰে বিনামূলীয়াকৈ দিয়া খাদ্য সামগ্ৰীৰ নামত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিবলৈ লৈছে। নিম্নমানৰ এনে খাদ্য সামগ্ৰীয়ে দুখীয়া ৰাইজক আন এক বিপদত পেলাব বুলিও মন্তব্য কৰি চৰকাৰৰ যোগান বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

ইপিনে, ক্ষুব্ধ গাঁওখনৰ ৰাইজে এই ক্ষেত্ৰত উচিত তদন্তৰ জৰিয়তে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে সংশ্লিষ্ট পক্ষক দাবী জনাইছে ৷

Exit mobile version