ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ ডিফুত উপস্থিত মন্ত্ৰী যোগেন মোহন

WhatsApp Image 2021 05 15 at 5.31.42 PM

শুকুৰবাৰে দুপৰীয়া ডিফুত উপস্থিত হয় ৰাজহ আৰু পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মোহন। মন্ত্ৰী গৰাকীয়ে আবৰ্ত্ত ভৱন প্ৰেক্ষাগৃহত উপস্থিত হৈ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা দুখনৰ কভিড সম্পৰ্কীয় বিষয়ক লৈ কাৰ্বি আংলং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, পশ্চিম কাৰ্বি অংলঙৰ অতিৰিক্ত উপায়ুক্ত, দুয়োখন জিলাৰ স্বাস্থ্য বিভাগৰ মূৰব্বী সকল আৰু কাৰ্বি স্বায়ত্ব পৰিষদৰ স্বাস্থ্য বিভাগৰ ই এম’ৰ পৰা জিলাদুখনৰ ক’ভিড সম্পৰ্কীয় পৰিস্থিতিৰ বুজ লৈ তিনি ঘণ্টা ধৰি এক আলোচনাত মিলিত হয়।

আলোচনাৰ পাছত সংবাদ মেল যোগে অনাগত দিনত কৰ’নাৰ বিৰুদ্ধে কি দৰে যুঁজ দিব আন কি কি পদক্ষেপৰ প্ৰয়োজন এই বিষয়ে মন্তব্য দিয়াৰ লগতে জিলা আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু ক’ভিডৰ লগত জড়িত বিভাগৰ লগতে সমূহ ৰাইজক একত্ৰিত হৈ কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায়।

ডিফু চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰা অক্সিজেন প্ৰকল্প এসপ্তাহৰ ভিতৰত কাৰ্যক্ষম কৰা, ডিফুত এখন বিদ্যুৎ চালিত শ্মশান নিৰ্মাণ, আইচিউ বিচনা ১২ খনলৈ বৃদ্ধি কৰাৰ লগতে অতি শীঘ্ৰে থাইৰয়ড পৰীক্ষাৰ ব্যৱস্থাপনা কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ক প্ৰতিবেদন দাখিল কৰি সকলো সমাধান কৰাৰ আশ্বাস দিয়ে।

নিশা আৰক্ষী বিভাগৰ পৰিদৰ্শন বাংলাত থাকি আজি ডিমা হাছাও ৰ পৰিস্থিতিৰ বুজ লবলৈ হাফলঙলৈ ৰাওনা হব।

Exit mobile version