ডিফু-ধনশিৰী পথৰ হাতীকেম্পত এজন যুৱকক গুলীয়াই হত্যা

3d9746ug dead body

দেৱজিৎ সিনহা নামৰ যুৱকজনক গুলীয়াই হত্যা কৰে অচিনাক্ত যুৱকে শূন্য দূৰত্বৰ পৰা পিষ্টলেৰে মূৰত গুলীয়াই হত্যা কৰে দেৱজিৎ সিনহাক।

মোবাইল ব্যৱসায়ী দেৱজিৎ সিনহাৰ ঘৰ ডিফু চহৰৰ শিতলাবাৰীত । ডিফুৰ পৰা বাইকেৰে ধনশিৰীৰ মাহীয়েকৰ ঘৰলৈ গৈ আছিল যুৱকজন।

যুৱকজনৰ স’তে বাইকখনত গৈছিল এগৰাকী যুৱতীও। তেনেতে হাতীকেম্পত দুই অচিনাক্ত যুৱকে আগভেটি ধৰে দেৱজিৎ সিনহাক।

তাৰ পাছতে কিছু সময় তৰ্কাতৰ্কি লিপ্ত হোৱাৰ পাছতেই গুলীয়াই হত্যা কৰে সিনহাক । দেৱজিতক হত্যা কৰি যুৱক দুজনে দেৱজিতৰ বাইকখন লৈ পলায়ন কৰে।

বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই ঘটনাই এতিয়া সমগ্ৰ ডিফু চহৰত সৃষ্টি হৈছে তীব্ৰ চাঞল্যৰ আনহাতে হত্যা কৰি কাঢ়ি নিয়া মটৰ চাইকেলখন খটখটিৰ লাহৰী জানত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দূৰ্বিত্ত দুজন পলাই যাবলৈ সক্ষম হয়।

ঘটনাৰ সময়ত মৃত দেৱজিৎ সিনহাৰ স’তে থকা পূৰ্ণিমা সিং আৰু তেওঁৰ ককায়েকক আৰক্ষী য়ে তদন্তৰ বাবে সোধপোছ অব্যাহত ৰাখিছে।

Exit mobile version