কণী চোৰ কৰি নিলম্বিত পঞ্জাৱ পুলিচৰ কনিষ্টবল

policeman

গাড়ীৰ পৰা কণী চোৰ কৰি নিলম্বিত হ’ল পঞ্জাৱ পুলিচৰ এজন কনিষ্টবল । কনিষ্টবলজনৰ কণী চোৰ কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে । ইয়াৰ পাছতেই ফতেহগড় চাহেব থানাৰ প্ৰধান কনিষ্টবলজনক সাময়িক নিলম্বন কৰা হয় । কনষ্টেবলজনৰ নাম প্ৰীতপাল সিং ।

পঞ্জাৱ পুলিচে টুইট কৰি কয়, ‘এটা ভিডিঅ’ ভাইৰেল হৈছে । ভিডিঅ’টোত ফতেহগড় চাহেব পুলিচ ষ্টেচনৰ প্ৰধান কনিষ্টবল প্ৰীতপাল সিঙক এটা গাড়ীৰ পৰা কণী চোৰ কৰি ইউনিফৰ্মৰ পকেটত ভৰোৱা পৰিলক্ষিত হৈছে । সেই সময়ত গাড়ীৰ স্বত্বাধিকাৰীজন দূৰত আছিল । তেওঁক নিলম্বিত কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰা হ’ব ।’

ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বিষয়টো প্ৰকাশ্যত আহে । গাড়ীৰ স্বত্বাধিকাৰীজন উভতি অহাৰ পাছত সিঙে একো নোহোৱাৰ ভাও ধৰি ঠাইডোখৰৰ পৰা আঁতৰি যায় ।

Exit mobile version