ক’ভিডৰ নতুন নীতি-নিৰ্দেশনাৰ বাবে ১১ বজাৰ লগে লগে স্তব্ধ হৈ পৰে দোতমাৰ বিভিন্ন অঞ্চল

WhatsApp Image 2021 05 16 at 6.17.50 PM

সমগ্ৰ অসমৰ লগতে আজিৰে পৰা দোতমাৰ অন্তৰ্গত ভাওঁৰাগুৰী, চিথিলা, তুলসীবিল, চৌতাৰা, ফকিৰাগ্ৰাম আদি অঞ্চলত আৰম্ভ হৈছে ক’ভিডৰ নতুন নীতি নিৰ্দেশনা।

কৰ’নাৰ ভয়াবহতাই ক্ৰমে জটিল ৰূপ লোৱা দোতমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ১১ বজাৰ পৰাই বন্ধ হৈ পৰে সকলো দোকান বজাৰ। এক তলাবন্ধ সদৃশ পৰিবেশে বিৰাজ কৰে সমগ্ৰ দোতমা অঞ্চলত।

দোতমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলসমুহত প্ৰশাসনেও বহুত সষ্টম হোৱা পৰিলক্ষিত হৈছে । দোতমাৰ বিভিন্ন অঞ্চলসমুহত প্ৰশাসনে ১১ বজাৰ লগে লগে মাইক যোগে ঘোষনা কৰি সকলো দোকান পোহাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ১২ বজাত সান্ধ্য আইন ঘোষনা হোৱাৰ পাছত যাতে কোনো লোক বাহিৰত ওলাই নাহে তাৰ বাবেও আহ্বান জনায়। প্ৰশাসনৰ আহ্বানক সহাৰি জনাইছে দোতমা অঞ্চলৰ ৰাইজে।

Exit mobile version