কেনেদৰে বৃদ্ধি কৰিব ৰােগ-প্রতিৰােধ ক্ষমতা

immune system forma gym blog coronavirus

প্ৰতিগৰাকী ব্যক্তিৰে ৰােগ-প্রতিৰােধ ক্ষমতা বেলেগ বেলেগ। কিছুমান লােকৰ এনে প্ৰতিৰােধী ক্ষমতা বেছি আৰু আন কিছুমানৰ কম। আগতে মানুহে শৰীৰৰ ৰােগ-প্রতিৰােধ ক্ষমতাৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰা নাছিল যদিও ক’ভিড-১৯ৰ ভয়াবহ ৰূপৰ পাছত অতি সম্প্রতি এই বিষয়টোৰ ওপৰত গুৰুত্ব প্রদান কৰিছে। পিছে সকলােৱে জানি থােৱা ভাল যে মানুহৰ ৰােগ-প্রতিৰােধী ক্ষমতা এদিনতে গঢ়ি নুঠে। ইয়াৰ বাবে সময়ৰ প্রয়ােজন। খাদ্য গ্রহণৰ পৰা আৰম্ভ কৰি শােৱা ফুৰা আদি বিষয়বােৰাে প্ৰতিৰােধী ক্ষমতা বৃদ্ধি তথা স্বাভাৱিক কৰি ৰখাত সহায় কৰে। প্ৰতিৰােধী ক্ষমতা শক্তিশালী কৰিবলৈ হ’লে
খাদ্য তালিকাত শৰীৰৰ প্ৰয়ােজনীয় উপযুক্ত আৰু সঠিকভাৱে অন্তর্ভুক্ত কৰিবই লাগিব।

এন্টি অক্সিডেন্ট

এইটো প্ৰায়ভাগ লােকৰে জ্ঞাত যে এন্টি অক্সিডেন্ট শৰীৰত থকা ফ্রিৰেডিকেলসমূহ ধ্বংস কৰে। আনহাতে, এই এন্টি অক্সিডেন্টে ফ্রিৰেডিকেল সৃষ্টিটো বাধা জন্মায়। শৰীৰৰ কোষসমূহৰ পৰা সৃষ্টি হােৱা বর্জ্য পদার্থই হ’ল ফ্রিৰেডিকেল। এনেবােৰ অপকাৰী পদাৰ্থৰ বাবে বৃক্ক,
ডায়েবেটিছ, উচ্চ ৰক্তচাপ, চকুৰ সমস্যা আদিৰ সৃষ্টি কৰে। আনকি জটিলতাও বৃদ্ধি কৰে। আনকি কৰ্কট ৰােগ আদিৰাে সৃষ্টি কৰাৰ আশংকা থাকে। সেইবাবে এইবােৰ অপ-পদার্থ সৃষ্টিত বাধা জন্মাবলৈ ভিটামিন ‘চি’, ভিটামিন ‘এ’ আৰু ভিটামিন ‘এ’ আৰু ভিটামিন ই’ৰ উপৰি দস্তা,ছেলেনিয়াম, আয়ৰণ মেগনেছিয়াম আদি নিতৌ প্ৰচুৰ পৰিমাণে খাবই লাগিব। এইবােৰ উপাদান শৰীৰে যিমানেই নিয়মীয়াকৈ লাভ কৰে সিমানেই ৰােগ-প্রতিৰােধী ক্ষমতা বৃদ্ধি পায়। সেইবাবে এনে ধৰণৰ উপাদানযুক্ত খাদ্য গ্রহণৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত।

 

ভিটামিন ‘চি’

ভিটামিন ‘চি’ খালে ৰােগ-প্রতিৰােধী ক্ষমতা বৃদ্ধি পায়। এইবিধ ভিটামিনে শৰীৰৰ শ্বেতৰক্ত কণিকাৰ পৰিমাণ বৃদ্ধি কৰা অর্থাৎ লিফোচাইট আৰু ফেগােচাইট বৃদ্ধি হােৱা বাবে বীজাণু সংক্রমণ আদি প্ৰতিৰােধ কৰে। এইবিধ ভিটামিন আমলখি, মধুৰীআম, আপেল, নেমুটেঙা, কমলা, আনাৰস আদিত প্ৰচুৰ পৰিমাণে পােৱা যায়। সেইবাবে এইবােৰ ফলমূল নিতৌ খাদ্য তালিকাত অন্তর্ভুক্ত কৰা উচিত।

এইবিধ ভিটামিন সাধাৰণতে মাছৰ তেল, কণী, চিকেন, গাজৰ, কোমােৰা, শাক-পাচলিত বিশেষকৈ পালেং, ব্রকোলি, পুইশাক আদিত পােৱা যায়। এইবােৰ শাক-পাচলিত পােৱা বিটা কেৰােটিনে শৰীৰত ভিটামিন ‘এ’ হিচাপে পর্যবসিত হয়। গাজৰত থকা লুটিন আৰু জিয়াজেন্থিম নামৰ উপাদান দুবিধ চকুৰ বাবে তেনেই উপকাৰী। অর্থাৎ এনে ধৰণৰ উপাদান ৰােগ প্ৰতিৰােধ কৰাত সহায় কৰে।

ভিটামিন ‘ই’

ভিটামিন ই ৰােগ-প্রতিৰােধৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ। এলমন্ত, বাদাম আদিত এইবিধ ভিটামিন প্রচুৰ পৰিমাণে পােৱা যায়। এইবােৰে ফেটেন শৰীৰক যােগান ধৰে।

 

দস্তা-ছেলেনিয়াম প্রয়ােজন

দস্তা, ছেলেনিয়াম, ভিটামিন বি আদিয়ে তেজত শােষিত ৰক্ত কণিকাৰ পৰিমাণ স্বাভাৱিক কৰি ৰাখে। এনে ধৰণৰ খনিজ পদার্থ মুৰ্গীৰ মাংস আদিত প্ৰচুৰ পৰিমাণে পােৱা যায়। চিকেনৰ হাড়ত থকা জিলেটিন আৰু কনড্রয়াটিন নামৰ উপাদান দুবিধে হাড়ৰ অস্থিমজ্জাৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰা দেখা যায়। অস্তিমজ্জাৰ সমস্যাৰ সৃষ্টি নােহােৱা মানে শ্বেতৰক্ত কণিকাৰ উৎপাদন স্বাভাৱিক কৰি ৰখা। সেইবাবে যদিহে সম্ভৱ হয় তেতিয়া হলে চিকেন আদি খাব লাগে। আনহাতে কল, তিল, সূর্যমুখী বীজ, কোমােৰাৰ জালি, ব্রক’লী,মটৰ গুটিত প্ৰচুৰ পৰিমাণে পােৱা যায় মেগনেছিয়াম। এইবিধ উপাদানে তেজত শ্বেতৰক্ত কণিকা সক্রিয় কৰি ৰখাত সহায় কৰে। সেইবাবে খাদ্য তালিকাত এনে ধৰণৰ খাদ্য অন্তর্ভুক্ত কৰা উচিত।

 

ইতিবাচক চিন্তা কৰক

মানুহৰ চিন্তা-চৰ্চাৰ স’তেও ৰােগ-প্রতিৰােধ ক্ষমতা বৃদ্ধিৰ বিষয়টো জড়িত। শেহতীয়াভাৱে গৱেষকসকলে এই বিষয়ত কিছু নতুন নতুন তথ্য লাভ কৰিছে। ইতিবাচক চিন্তা কৰিলে শৰীৰত যিবােৰ হৰম’ন নিঃসৰন হয়, নেতিবাচক চিন্তা কৰিলে ইয়াৰ বিপৰীত প্রভাৱ পৰে।

Exit mobile version