বেদাৰ প্ৰতি নিৰ্দয়ী বোৰ্ড, ক্ষোভ লিজাৰ

Screenshot 2021 05 15T150147.503

বেদা কৃষ্ণমূৰ্তিক সহযোগ কৰিলে অষ্ট্ৰেলিয়াৰ মহিলা দলৰ প্ৰাক্তন ক্ৰিকেটাৰ লিজা ষ্টালেকাৰে । সম্প্ৰতি কৰ’নাত নিজৰ মাতৃ আৰু জ্যেষ্ঠ ভগ্নীক হেৰুৱাইছে ভাৰতীয় ক্ৰিকেট দলৰ এই তাৰকাগৰাকীয়ে । লিজাই মত প্ৰকাশ কৰে যে, বেদাৰ প্ৰতি ভাৰতীয় বোৰ্ডৰ আচৰণ অপ্ৰত্যাশিত ধৰণৰ, যাৰ কোনো যুক্তি তেওঁ বিচাৰি পোৱা নাই ।

শুকুৰবাৰে ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দল ঘোষণা কৰা হয় ।‌ ইংলেণ্ডত এটা টেষ্ট মেচ, তিনিটা ৱান ডে আৰু তিনিটা টি-২০ মেচ খেলিব ভাৰতে । ইয়াৰে কোনো‌ এটা দলতে বাছনি কৰা নহয় বেদাক ।

এই সন্দৰ্ভত প্ৰাক্তন অষ্ট্ৰেলিয়া ক্ৰিকেটাৰ লিজাৰ মন্তব্য, বাছনি নকৰাৰ আঁৰত নিশ্চয় ক্ৰিকেট সম্বন্ধীয় যুক্তিয়ে আছে । কিন্তু তেওঁ বিস্মিত যে, ৰাষ্ট্ৰীয় দলত খেলা এগৰাকী খেলুৱৈক ইমান ডাঙৰ পাৰিবাৰিক দুৰ্ঘটনাৰ পাছতো ভাৰতীয় বোৰ্ডৰ কৰ্তাসকলক নিৰুত্তাপ আৰু নিমাত হৈ থকা পৰিলক্ষিত হয় ।

ক্ষুধিত লিজাই টুইটাৰত লিখে, ‘আগন্তুক ইংলেণ্ড ছিৰিজৰ দলত বেদাক বাছনি নকৰাৰ কাৰণ থাকিব পাৰে কিন্তু মোৰ খং অন্য কাৰণত । চুক্তিবদ্ধ ক্ৰিকেটাৰ হোৱাৰ পাছতো কোনো যোগাযোগ নকৰে ভাৰতীয় বোৰ্ডে ।’

লগতে লিখে, ‘সঁচা অৰ্থৰ এক সংস্থাই সদায় তাৰ ক্ৰিকেটাৰসকলৰ ধ্যান ৰাখিব লাগে । কৱেল তেওঁৰ খেলাৰ ফৰ্মটোকে কিয় লক্ষ্য কৰা হয় ? এই সকলোবোৰ প্ৰত্যক্ষ কৰি ম‌ই কিমান হতাশ বুজাব নোৱাৰিম ।’

ইয়াতে স্তব্ধ নহৈ লিজাই পুনৰ লিখে, ‘ম‌ই নিজে এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ । এচিএ (অষ্ট্ৰেলিয়া ক্ৰিকেটাৰ্ছ এছোচিয়েছন)এ আমাৰ প্ৰতিটো মুহূৰ্ততে ধ্যান ৰাখে । দেশত সকলোধৰণৰ সুবিধা লাভ কৰিছো নে নাই, দৈনন্দিন ভিত্তিতেই পৰ্যৱেক্ষণ কৰা হয় । ভাৰতেও ক্ৰিকেটাৰসকলৰ সংস্থা গঠন কৰাটো আৱশ্যকীয় । এইটোৱে ইয়াৰ সঠিক সময় ।’

Exit mobile version