শিশুৰ মাজত বাঢ়িছে ক’ভিড সংক্ৰমণ

কেতবােৰ উপসৰ্গৰ প্ৰতি ৰাখিব লাগিব দৃষ্টি

kids in hospital shutterstock 7f030720 f8d5 11ea b206 fe77f4f0660e

কৰ’নাৰ দ্বিতীয় টৌত সমগ্ৰ দেশৰ অৱস্থা কাহিল হৈছে। এই বছৰ ৰেহাই পােৱা নাই শিশুসকলেও। শিশুৰ মাজতাে বৃদ্ধি পাইছে সংক্রমণ। চিকিৎসকসকলে বাৰে বাৰে কৈ আহিছে যে ক’ভিডৰ কাৰণে শিশুসকল অতি গুৰুতৰভাৱে অসুস্থ হৈ পৰা নাই। তথাপি সকলাে প্ৰকাৰে সতর্ক হৈ থকাটো জৰুৰী বুলি চিকিৎসকে কৈছে। শিশুৰ মাজত সাধাৰণতে মৃদু উপসর্গ দেখা গৈছে। সেইবােৰক অধিকাংশ অভিভাৱকে প্রথমে ক’ভিডৰ উপসর্গ বুলি বুজিবই পৰা
নাই।

 

পেটৰ বিষ

এই বছৰ ৰূপ পৰিৱর্তিত ভাইৰাছৰ সংক্ৰমণৰ অন্যতম উপসর্গ হৈছে পেটৰ সমস্যা। শিশুৰ মাজতাে সেয়া দেখা গৈছে। হঠাৎ পেট ফুলি উঠা, পেটৰ বিষ, হজনৰ
সমস্যা, পেট গধূৰ লগা আদিবােৰাে ক’ভিডৰ উপসর্গ হ’ব
পাৰে। সন্তানে যদি হঠাৎ খাবলৈ নিবিচৰা হয় তথা ভােক নলগাৰ অভিযােগ কৰে, তেতিয়াও সতর্ক হােৱা উচিত।

 

ডায়েৰিয়া

শিশুৰ মাজত বমি আৰু অতি বেছিকৈ পেট বেয়া হােৱাৰ লক্ষণ থাকিলেও সাৱধান হােৱা উচিত। শিশুৰ ক’ভিড সংক্রমণৰ অন্যতম উপসর্গ হৈছে ডায়েৰিয়া।

 

জ্বৰ

জ্বৰ হৈছে বেছিভাগ ভাইৰেল ৰােগৰ অন্যতম উপসর্গ। অৱশ্যে ক’ভিডৰ কাৰণে জ্বৰ হ’লে লগতে কঁপনি, ক্লান্তি ভাবাে দেখা গৈছে। সেয়ে সতর্ক হৈ থকা ভাল। সচৰাচৰ শিশুৰ কিছু বেছি জ্বৰ হ’বই পাৰে। কেতিয়াবা শৰীৰৰ
তাপমাত্রা ১০২ ডিগ্রী পর্যন্ত হ’ব পাৰে। অৱশ্যে সচৰাচৰ দুই-তিনি দিনৰ ভিতৰতে এই জুৰ ভাল হােৱা দেখা গৈছে। অৱশ্যে সন্তানৰ জ্বৰ যদি পাঁচ দিনৰ বেছিলৈকে থাকে, তেন্তে ততালিকে চিকিৎসকৰ স’তে যােগাযােগ কৰিব লাগে।

 

কাহ-ঠাণ্ডা লগা

প্রাপ্তবয়স্কসকলৰ তুলনাত শিশুৰ মাজত ক’ভিডৰ বাবে হাঁওফাঁওৰ সংক্ৰমণৰ কথা বৰ বেছি শুনা নাই। অৱশ্যে ঠাণ্ডা লগা, অনর্গল কাহ, ডিঙিৰ বিষৰ দৰে কিছুমান উপসর্গই দেখা দিব পাৰে। লগতে জুৰ বা পেটৰ সমস্যা থাকিলে নিশ্চিতভাৱে ক’ভিড পৰীক্ষা কৰাব লাগিব।

 

ক্লান্তিভাব

শিশুৰ যদি হঠাৎ অতিশয় ক্লান্তিবােধ হয় বা সামান্য কথাতে ফোপাবলৈ ধৰে, তেন্তে সেইবেৰাে সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।

 

অদ্ভুত ৰেশ্ব

শিশুৰ মাজত ৰেশ্ব বা ছালৰ আন সমস্যা তথা ‘ক’ভিড ট’জ’ যােৱা বছৰতে প্রথমে দেখা গৈছিল। প্রাপ্তবয়স্কসকলৰ লগতে নানা ধৰণৰ ছালৰ সমস্যা শিশুৰ ক্ষেত্ৰত ক’ভিডৰ অন্যতম উপসর্গ। সাধাৰণতে শিশুৰ শৰীৰত বিভিন্ন ধৰণৰ ৰেশ্ব লাগিয়ে থাকে। অৱশ্যে যদি শৰীৰত কোনাে অদ্ভুত ৰঙচুৱা দাগ বা পানীজোলা বা ৰেশ্ব দৃষ্টিগােচৰ হয়,
তেন্তে সতর্ক হােৱা ভাল। হাত-ভৰিৰ নখ হঠাৎ শেঁতা পৰিছে নেকি সেয়াও লক্ষ্য ৰখা উচিত।

Exit mobile version