সোমবাৰে পুৱা গুজৰাটত ‘তকটে’ৰ সম্ভাৱনা

ঘূৰ্ণিবতাহৰ ফলত কৰ্ণাটকত চাৰিজন, কেৰালাত দুজনৰ মৃত্যু

1621084128 cyclone kerala

শক্তিশালী ঘূৰ্ণীবতাহ ‘তকটে’ৰ সম্ভাৱনা গুজৰাটত । তকটেৰ তাণ্ডৱত কৰ্ণাটকত চাৰিজন আৰু কেৰালাত দুজনৰ মৃত্যু হয় । ঘূৰ্ণীবতাহৰ ফলত কেৰালাৰ এৰ্নাকুলাম আৰু কোঝিকোড়ত মৃত্যু হয় ।

বতৰ বিজ্ঞান কেন্দ্ৰই আজি জনায়, ঘূৰ্ণীবতাহ তকটে প্ৰবল শক্তিশালী ৰূপ লৈ গুজৰাটৰ পোৰবন্দৰ আৰু নালিয়াৰ মধ্যৱৰ্তী কোনো উপকূলৱৰ্তী অঞ্চলত অহাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ পৰিচালক শুভানি ভুতে কয়, তকটেৰ ফলত আজি সন্ধিয়াৰ পৰাই মুম্বাই আৰু সংলগ্ন অঞ্চলসমূহত তুমুল বৃষ্টিপাতৰ পূৰ্বাভাস ।

সমগ্ৰ কংকণ আৰু পশ্চিম মহাৰাষ্ট্ৰৰ পাৰ্বত্য অঞ্চলসমূহত অতি বৃষ্টি হ’ব পাৰে । দেওবাৰ আৰু সোমবাৰে মহাৰাষ্ট্ৰৰ কোলাহপুৰ আৰু সাতাৰাত তুমুল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা । লগতে গুজৰাটৰ জুনাগড়, গিৰ সোমনাথ, চৌৰাষ্ট্ৰ, কচ্ছ, দিউ, পোৰবন্দৰ, দ্বাৰকা, আমৰেলি, ৰাজকোট আৰু জামনগৰতো গভীৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ।

ঘূৰ্ণিবতাহৰ ফলত কৰ্ণাটকত ৭৩ টা বাসগৃহ ভাঙিছে বুলিও জনায় প্ৰশাসনে । আটাইতকৈ বেছি ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা থকা ছয়খন জিলাৰ ভিতৰত তিনিখন উপকূলৱৰ্তী আৰু তিনিখন পশ্চিমঘাট পৰ্বত সংলগ্ন ।

আজি বিয়লিৰ পৰাই গোৱাত বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি পাইছে । গোৱাৰ এটা বৃহৎ অংশত ঘূৰ্ণিবতাহৰ প্ৰকোপত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে, বহু পথো বন্ধ হৈ পৰিছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বাভাস অনুসৰি, শনিবাৰে নিশা আঢ়ৈ বজাত ঘূৰ্ণিবতাহ গোৱাৰ পৰা মাত্ৰ ১৫০ কিলোমিটাৰ, মুম্বাইৰ পৰা ৪৯০ কিলোমিটাৰ আৰু গুজৰাট উপকূলৰ পৰা ৭৩০ কিলোমিটাৰ দূৰত আছিল ।

ইতিমধ্যে ঘূৰ্ণিবতাহৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আলোচনাত মিলিত হৈছে । তেওঁ সেই বৈঠকত নিৰ্দেশ দিয়ে যে, এই ঘূৰ্ণিবতাহৰ ফলত যাতে ক’ভিড চিকিৎসাত কোনো সমস্যাৰ সৃষ্টি নহয় । হাস্পতালসমূহত বিদ্যুৎ সংযোগৰ পৰা আৰম্ভ কৰি সকলো সেৱা যাতে দিয়া হয় ।

Exit mobile version