অন্তিম যাত্ৰাৰ প্রস্তুতি প্রায় সম্পূর্ণ। ভাৰত তুলি দিয়া হ’ল মৃতদেহ। মৃতদেহ সজাই দিয়া হৈছে ফুলৰ মালা আৰু পুস্পাঞ্জলিৰে। পৰিয়ালেও সম্পন্ন কৰিছে প্রাস সকলাে ৰীতি-নীতি।
তেনে সময়তে হঠাৎ লৰচৰ কৰিলে মৃতদেহে। তাতে ক্ষান্ত নাথাকি মৃতদেহটোৱে কান্দিবলৈকো আৰম্ভ কৰিলে। ঘটনা দেখি অবাক হ’ল উপস্থিত লােকসকল।কথাতে কয় যে ৰাখে হৰি মাৰে কোনে’।
এনে এক অবাক কাণ্ডই সংঘটিত হ’ল মহাৰাষ্ট্ৰত। সৌভাগ্যক্রমে ৰক্ষা পৰিল এগৰাকী ক’ভিড আক্রান্ত বৃদ্ধাৰ প্রাণ। মহাৰাষ্ট্রৰ বাৰামতিৰ মুধুল গাঁৱৰ ৭৬ বছৰীয়া শকুন্তলা গায়কোৱাড় নামৰ বৃদ্ধাগৰাকী কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল।
কৰ’নাৰ পৰীক্ষা পজিটিভ অহাৰ পাছত তেওঁ নিজ গৃহতে আছুতীয়াকৈ আছিল। কিন্তু হঠাৎ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটাত পৰিয়ালৰ লােকে এখন গাড়ীত তুলি বৃদ্ধাক বাৰামতিৰ এখন বেচৰকাৰী হাস্পতাললৈ নিয়ে।
অৱশ্যে খালি বিছনা নথকাৰ বাবে পৰিয়ালৰ লােকসকলে বৃদ্ধাক লৈ গাড়ীতে বহু সময় অপেক্ষা কৰিবলগীয়া হয়। কিন্তু ইয়াৰ মাজতে ৰােগীয়ে জ্ঞান হেৰুৱায়। অথচ পৰিয়ালৰ লােকে তেওঁৰ মৃত্যু হােৱা বুলি ধৰি লয়। ফলত তেওঁলােকে হাস্পতালৰ পৰা গাড়ী ঘূৰাই নিয়াৰ লগতে পৰিয়ালৰ আন লােককো খবৰ দিয়ে।
মৃতদেহ’ লৈ গাড়ী ঘৰ পােৱাৰ সময়লৈ আন লােকসকলে শ্মশানযাত্রা। প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছিল। এখন খাটত তুলি শ্মশানলৈ নিবলৈ যাে জা চলােৱাৰ সময়তে ঘটে চমকপ্রদ ঘটনাটো। হঠাৎ কান্দিবলৈ আৰম্ভ কৰে বৃদ্ধাই। প্রথমে উপস্থিত লােকসকলে স্তম্ভিত হলেও ততাতৈয়াকৈ বৃদ্ধাক সমীপৰ এখন হাস্পতাললৈ লৈ যায়।
লগতে স্থানীয় আৰক্ষী থানাকো অৱগত কৰা হয়। বাৰামতিৰ এখন বেচৰকাৰী হাস্পতালত তেওঁক ভর্তি কৰােৱা হয়। সম্প্রতি উক্ত হাস্পতালতে বৃদ্ধাৰ চিকিৎসা চলি আছে। সঠিক সময়ত জ্ঞান ঘূৰাই পােৱাৰ ফলতে প্ৰাণৰক্ষা পৰে বৃদ্ধাৰ।






























