অকার্যকৰ ! প্লাজমা থেৰাপী বাতিলৰ দাবী গৱেষকৰ

Plasma 3

প্রায় ঘনাই চৰিত্ৰ সলনি কৰি আছে কৰ’না ভাইৰাছে । প্রতিষেধকক প্রধান অস্ত্র বুলি গণ্য কৰা হলেও চৰিত্ৰ পৰিৱৰ্তনৰ বাবে বিশেষ কার্যকৰী হােৱা নাই বুলি বিশেষজ্ঞৰ এটা বৃহৎ অংশই দাবী কৰিছে।

এইবাৰ কৰ’নাৰ চিকিৎসাত প্লাজমা থেৰাপীৰ কার্যকাৰিতাক লৈও প্রশ্ন উত্থাপন কৰিলে গৱেষকসকলে। তেওঁলােকে দাবী কৰিছে যে প্লাজমা থেৰাপীৰ মাধ্যমেৰে ৰােগীৰ শৰীৰত এই প্রাণঘাতী ভাইৰাছৰ বিস্তাৰ ৰােধ কৰিব নােৱাৰি।

কৰ’না ৰােগীক মৃত্যুৰ কবলৰ পৰা ৰক্ষা কৰাতাে প্লাজমা থেৰাপী কামত নাহে। বৰঞ্চ ভাইৰাছৰ প্ৰজাতিসমূহ অধিক বিকশিতহে হয়। সেয়ে কৰ’নাৰ চিকিৎসাৰ নির্দেশিকাৰ পৰা প্লাজমা থেৰাপীক বাদ দিয়াৰ দাবী উত্থাপন কৰিছে গৱেষকসকলে।

উল্লেখ্য যে যােৱা মার্চত কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে কৰ’না চিকিৎসা সংক্রান্তীয় নির্দেশিকাত প্লাজমা থেৰাপীক অন্তর্ভুক্ত কৰে। চিকিৎসাৰ পৰিভাষাত ইয়াৰ নাম ৰখা হয় ‘ক’ভিড-১৯ কনভালেচেন্ট প্লাজমা ট্রান্সফিউছন’।

সেই অনুসৰি যিসকল প্রাপ্তবয়স্ক ৰােগীয়ে কৰনাৰ পৰা সুস্থ হৈ উঠিছে, তেওঁলােকৰ ৰক্তৰ পৰা সংগ্ৰহ কৰা ৰক্তৰসৰ পৰা প্রয়ােজনীয় এন্টিবডী উলিয়াই কৰ’না চিকিৎসাত ব্যৱহাৰ কৰা হৈছিল। যিসকল ৰােগীৰ অৱস্থা গুৰুতৰ, একেবাৰে প্রাথমিক পর্যায়ত তেওঁলােকৰ কৰ’না চিকিৎসাতে এই পদ্ধতি চিকিৎসকে প্রয়ােগ কৰে।

ইয়াৰ বাবেই এতিয়া আক্রান্তসকলৰ পৰিয়ালে ৰক্তৰসদাতাৰ সন্ধানত হাবাথুৰি খাই ফুৰিছে। ইপিনে, অতিমাৰীৰ দ্বিতীয় লহৰত দেশত যি হাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাই আছে, তাৰ ফলতে বিগত কিছুদিন ধৰি প্লাজমা থেৰাপীৰ কার্যকাৰিতাক লৈ প্রশ্ন উঠিছিল।

ইয়াকে লৈ সম্প্রতি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ’ (আইচিএমআৰ)ৰ মুৰব্বী বৈজ্ঞানিক উপদেষ্টা কে বিজয়ৰাঘৱনলৈ গৱেষকসকলে পত্রও প্রেৰণ কৰে। সেই পত্ৰত আইচিএমআৰৰ মুৰব্বী বলৰাম ভাৰ্গৱ আৰু সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছু)ৰ সঞ্চালক ৰণদীপ গুলেৰিয়াৰ উদ্দেশ্যে বার্তা দিয়া হয়।

পত্ৰখনত কোৱা হৈছে যে যুক্তিহীনভাৱে প্লাজমা থেৰাপীৰ বাবেই ভাইৰাছৰ প্রজাতিসমূহ অধিক বিকশিত হৈছে আৰু সেই বাবেই অতিমাৰীয়ে আৰু ভয়ংকৰ হৈ উঠিছে। কৰ’নাৰ চিকিৎসাত প্লাজমা থেৰাপী ব্যৱহাৰ কৰাক লৈ নির্দেশিকা জাৰি কৰাৰ আগতে প্রথমে দেশৰ ৩৯খন চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত এই সন্দৰ্ভত পৰীক্ষা চলাই আইচিএমআৰৰ বিশেষজ্ঞই।

তেতিয়াই ১১ হেজাৰ ৫৮৮জন ৰােগীৰ শৰীৰত এই পদ্ধতি প্রয়ােগ কৰা হয়। কিন্তু আইচিএমআৰলৈ লিখা পত্ৰত গৱেষকসকলে দাবী কৰিছে যে মৃত্যু ৰােধ কৰাত প্লাজমা থেৰাপীৰ কার্যকাৰিতা বা প্লাজমা থেৰাপী কৰাৰ পাছত ৰােগী সুস্থ হৈ ঘৰলৈ উভতি যােৱাৰ কোনাে প্রমাণ পােৱা নগ’ল।

যিসকল ৰােগীৰ অৱস্থা গুৰুতৰ নহয়, তেওঁলােকৰ ক্ষেত্ৰতাে প্লাজমা থেৰাপীয়ে কাম কৰা নাই বুলিও তেওঁলােকে দাবী কৰিছে। সেয়ে কৰ’নাৰ চিকিৎসাত প্লাজমা থেৰাপী প্রয়ােগৰ অনুমতি কিদৰে দিয়া হ’ল বুলিও গৱেষকসকলে প্রশ্ন উত্থাপন কৰিছে।

ইয়াৰ পাছতে আইচিএমআৰৰ ৰাষ্ট্ৰীয় টাস্কফ’ৰ্চৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকতাে সর্বসম্মতিক্রমে প্লাজমা থেৰাপীক কৰ’নাৰ চিকিৎসাৰ পৰা বাদ দিয়াৰ দাবী উঠে। অতি শীঘ্ৰে এই সন্দৰ্ভত নির্দেশিকা জাৰী হ’ব বুলি
কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ সূত্ৰই জনাইছে।

Exit mobile version