গঙ্গা নৈত উটি অহা মৃতদেহৰ ফটো আছিল নাইজেৰিয়াৰ, আজব দাবী অভিনেত্ৰী কংগনাৰ

14 05 2021 kangana ranaut 21643707

কিছুদিনৰ পূৰ্বেই টুইটাৰৰ পৰা নিষিদ্ধ কৰা হৈছিল কংগনা ৰাণৌৱতক কিন্তু তথাপিও অভিনেত্ৰী কংগনা ৰাণৌৱটক মনে মনে থকাৰ পৰা বিৰত । এইবাৰ তেওঁৰ নতুন প্লেটফৰ্ম হৈছে ইনষ্টাগ্ৰাম।

এইবাৰ এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছে অভিনেত্ৰীগৰাকীয়ে । কংগনাই অলপতে এটা ভিডিঅ’ত দাবী কৰিছিল যে উত্তৰ প্ৰদেশৰ গঙ্গাৰ পৰা বৈ অহা মৃতদেহবোৰ প্ৰকৃততে নাইজেৰিয়াৰ। তাৰ পাছতে কংগনাৰ মন্তব্যই পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত।

শেহতীয়াকৈ, সামাজিক মাধ্যমত কিছুমান ছবি ভাইৰেল হৈ পৰিছিল য’ত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ গঙ্গাত মৃতদেহ ওপঙি থকা দেখা গৈছিল। সেই মৃত শৰীৰবোৰ ক’ভিড ৰোগীৰ বুলি ধাৰণা কৰা হয়। ছ’চিয়েল মিডিয়াত ইতিমধ্যে ছবিখনক লৈ সমালোচনা আৰম্ভ হৈছে ।

সেই পৰিপ্ৰেক্ষিততে কংগনাই কৈছে যে এই ফটোসমূহ ভুৱা । দৰাচলতে, এইবোৰ নাইজেৰিয়াৰ ফটো । মোডী চৰকাৰৰ দৰেই তৎপৰ হৈ পৰিছে অভিনেত্ৰীগৰাকী ।

তাৰ পাছতেই বহুত বিতৰ্কৰ সন্মুখীন হয় কংগনা। পুনৰ ট্ৰলিংৰ বলি হ’ল বলীউদৰ কুইন। কংগনাৰ মন্তব্যৰ পাছত, বহুতে উত্তৰ প্ৰদেশক নাইজেৰিয়াক বুলি সম্বোধন কৰিছে সামাজিক মাধ্যমত। তাৰ পৰাই আৰম্ভ হৈছে অভিনেত্ৰীগৰাকীৰ ওপৰত প্ৰচুৰ মিম ।

অলপতে কৰ’নাৰ ওপৰত মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

Exit mobile version