গুজৰাটত দুশ কিলোমিটাৰ বেগত ‘তকটে’ৰ সম্ভাৱনা, বন্ধ কৰা হ’ল মুম্বাই বিমানবন্দৰ

ঘূৰ্ণিবতাহ তকটেৰ গতিবেগ বৃদ্ধি পাইছে । ফলত ই অতি শক্তিশালী ঘূৰ্ণীবতাহত পৰিণত হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰই জনায়, সোমবাৰে নিশা আঠ বজাৰ পৰা ১১ বজাৰ ভিতৰত গুজৰাটৰ উপকূলত এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে । ইয়াৰ গতি প্ৰতি ঘণ্টাত দুশ কিলোমিটাৰ হ’ব পাৰে । লগতে বৃষ্টিপাতৰ পৰিমাণো বৃদ্ধি পাব পাৰে ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে মুম্বাই বিমানবন্দৰ । আজি পুৱা ১১ বজাৰ পৰা বিয়লি দুই বজা পৰ্যন্ত মুম্বাই বিমানবন্দৰ বন্ধ কৰা হৈছে । বৃষ্টিপাতৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় বিমানবন্দৰ কৰ্তৃপক্ষই ।

প্ৰশাসনে জনায়, গুজৰাট উপকূলৰ পোৰবন্দৰ আৰু ভাবনগৰ জিলাৰ নিচু জমিৰৰ ২৫ হেজাৰ বাসিন্দাক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে । এই পৰ্যন্ত ঘূৰ্ণীবতাহ প্ৰভাৱিত অঞ্চলৰ পৰা ডেৰ লাখ লোকক স্থানান্তৰ কৰোৱা হৈছে । প্ৰশাসনৰ আশংকা পোৰবন্দৰ, আমৰেলি, জুনাগড়, গিৰ সোমনাথ, ভাবনগৰৰ উপকূল আৰু আহমেদাবাদৰ উপকূল অঞ্চলত বিপুল ক্ষয়-ক্ষতি হ’ব পাৰে ।

আজি পুৱাৰ পৰাই মুম্বাইত বৃষ্টিপাত আৰম্ভ হৈছে । ইতিমধ্যে চেন্নাইৰ পৰা মুম্বাইৰ এখন বিমানক সুৰাতলৈ উভতাই দিয়া হৈছে । সম্প্ৰতি মুম্বাইত ৭৫-৮৫ কিলোমিটাৰ বেগত বতাহ বলিছে আৰু বৃষ্টিপাতো আৰম্ভ হৈছে ।

প্ৰশাসনে জনায়, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মুঠ সাত হেজাৰ মৎস্যজীবীৰ নৌকা উপকূলত উভতি আহিছে । তিনিশ বাণিজ্যিক নৌকাত নিৰ্দেশ প্ৰেৰণ কৰি এই দুই ৰাজ্যৰ উপকূলত অহাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

Exit mobile version