প্রথম দিনতে ১০৮ কোটি টকা উপার্জন ছলমানৰ ৰাধে’ৰ

radhe 134p 1491x900 1

ছলমান খান অভিনীত শেহতীয়া ছবি ৰাধে : ইয়ৰ মষ্ট ৱান্টেড ভাই’ যােৱা ঈদৰ দিনা অটিটি প্লেটফৰ্মত মুক্তি লাভ কৰে। কৰ’নাৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ছলমানৰ এইখন ছবি দর্শকে চিত্ৰগৃহৰ পৰিৱর্তে জি ষ্টুডিঅ’ৰ অটিটি মঞ্চত উপভােগ কৰাৰ সুযােগ লাভ কৰিলে।

চলচ্চিত্র বাণিজ্যিক বিশ্লেষকে প্রকাশ কৰা মতে, ছলমানৰ এইখন ছবিয়ে অটিটি মঞ্চত মুক্তি লাভ কৰাৰ প্রথম দিনতে মুঠ ১০৮ কোটি টকাৰ ব্যৱসায় কৰিলে।

জি ষ্টুডিঅ’ত উপলব্ধ এইখন ছবিৰ প্ৰতিটো টিকটৰ মূল্য ২৪৯ টকা ৰখা হৈছে।কেৱল ভাৰততে ‘ৰাধে’-এ ১০৮ কোটি টকাৰ ব্যৱসায় কৰাৰ বিপৰীতে বিদেশতাে ছবিখনে ৪.৫ কোটি টকা উপার্জন কৰে।

চলচ্চিত্র বাণিজ্যিক বিশ্লেষকৰ মতে, ৰাধে’ সমালােচকৰ দৃষ্টিৰে উন্নত ছবি নহ’লেও ছলমান অনুৰাগীয়ে অটিটি মঞ্চত ছবিখন উপভােগ কৰিবলৈ যথেষ্ট ভিৰ কৰিছে।

Exit mobile version