ভাৰতত আৰম্ভ হ’ল স্পুটনিক-ভিৰ টিকাকৰণ, প্ৰথম পৰ্যায়ত প্ৰদান কৰা হ’ব ডেৰ লাখ প্ৰতিষেধক

Sputnik V 2

ক’ভিশ্বিল্ড আৰু ক’ভেক্সিনৰ পাছত এইবাৰ ভাৰতত প্ৰদান কৰা হ’ল ৰাছিয়াৰ প্ৰতিষেধক স্পুটনিক-ভি । ডাক্টৰ ৰেড্ডিজ লেবৰেটৰীজ আৰু এপ’ল’ হাস্পতালৰ যৌথ উদ্যোগত ভাৰতত এই প্ৰতিষেধক প্ৰস্তুত কৰা হৈছে । আজিৰে পৰা হায়দৰাবাদত এই প্ৰতিষেধকৰ টিকাকৰণ আৰম্ভ হৈছে । মংগলবাৰে আৰম্ভ হ’ব বিশাখাপট্টনমত । ইয়াৰ পাছত পৰ্যায়ক্ৰমে সমগ্ৰ ভাৰততে প্ৰদান কৰা হ’ব এই প্ৰতিষেধক ।

এপ’ল’ হাস্পতালৰ সভাপতি কে হৰিপ্ৰসাদে এক বিবৃতিত জনায়, ‘এই পৰ্যায়ত ডাক্টৰ ৰেড্ডিজ আৰু এপ’ল’ হাস্পতালৰ সংস্থাই বুজিব, দেশত কিদৰে টিকাকৰণ কৰা হ’ব । কেন্দ্ৰৰ নিয়মাৱলী অনুসৰিয়ে টিকাকৰণ প্ৰক্ৰিয়া চলোৱা হ’ব । আমি আত্মবিশ্বাসী যে, ৰাছিয়াৰ এই প্ৰতিষেধকৰ জৰিয়তে ভাৰতত কৰ’নাৰ বিৰুদ্ধে যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিম ।’

হৰিপ্ৰসাদে লগতে কয়, ‘আমি আন সংস্থাৰ স’তেও আলোচনা কৰিছো, যাতে তেওঁলোকেও আমাক এই কাৰ্যত সহায় কৰিব পাৰে । সম্প্ৰতি দেশৰ ৬০ টা কেন্দ্ৰত স্পুটনিক-ভি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’

সূত্ৰ অনুসৰি, প্ৰথম পৰ্যায়ত ডেৰ লাখ প্ৰতিষেধক প্ৰদান কৰা হ’ব । হায়দৰাবাদ আৰু বিশাখাপট্টনমৰ পাছত দিল্লী, মুম্বাই, বেংগালুৰু, আহমেদাবাদ, চেন্নাই, কলিকতা আৰু পুনেত প্ৰতিষেধক প্ৰদান কৰা হ’ব । অতি শীঘ্ৰে সমগ্ৰ দেশতে প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি ডাক্টৰ ৰেড্ডিজ আৰু এপ’ল’ হাস্পতালৰ কৰ্তৃপক্ষসকল আশাপ্ৰদ ।

Exit mobile version