১৮ মে’ৰ পৰা প্ৰাক-পঞ্জীয়ন আৰম্ভ হ’ব বেটলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়াৰ

battlegrounds mobile india 1620280401

বেটলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া গেমৰ বাবে অপেক্ষাৰত ভাৰতীয়সকলৰ বাবে সুখবৰ। অহা ১৮ মে’ৰ পৰা এই গেমৰ ভাৰতত প্ৰাক-পঞ্জীয়ন আৰম্ভ হ’ব। এই গেম প্রস্তুত কৰিছে ক্রাফটনে।

কোম্পানীটোৱে প্ৰকাশ কৰা মতে, প্রাক-পঞ্জীয়ন কৰা ব্যক্তিসকলে বিশেষ উপহাৰ লাভ কৰাৰ সুযােগ পাব। ভাৰতত এই নতুন অনলাইন গেম মুকলি কৰাৰ পাছত প্রাক-পঞ্জীয়ন কৰা ব্যক্তিক বিশেষ উপহাৰ প্ৰদানৰ কোম্পানীটোৱে ব্যৱস্থা কৰিছে।

বেটলগ্রাউছ ম’বাইল ইণ্ডিয়া হৈছে পাবজি ম’বাইলৰ এক নতুন পৰিবর্ধিত সংস্কৰণ। এই গেম ভাৰতত পাবজি নিষিদ্ধ হােৱাৰ পাছত বিশেষভাৱে ভাৰতীয় গেম ব্যৱহাৰকাৰীৰ বাবে তৈয়াৰ কৰা হৈছে।

এনড্রইড ফোনত গুগল প্লেষ্ট’ৰত এই গেমৰ বাবে ‘ছাইন আপ’ কৰিব লাগিব।

Exit mobile version