এপ্রিলত পাইকাৰী মূল্য অভিলেখ ১০.৪৯ শতাংশলৈ বৃদ্ধি

india gdp 660 060619015746 070420125215

পেট্রল, ডিজেল আৰু ৰন্ধন গেছৰ বর্ধিত মূল্যৰ ফলত ভাৰতত পাইকাৰী মূল্যবৃদ্ধিয়ে অভিলেখৰ সীমা স্পর্শ কৰিলে। মার্চত দেশত পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ আছিল ৭.৩৯ শতাংশ।

বিগত আঠ বছৰৰ তুলনাত দেশত পাইকাৰী মূল্যবৃদ্ধিৰ ক্ষেত্ৰত এই হাৰ আছিল সর্বাধিক। ইয়াৰ পূর্বে ২০২১ ফেব্ৰুৱাৰীত দেশত পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ আছিল ৪.১৭ শতাংশ।

এপ্রিলত ভাৰতত পাইকাৰী মূল্যবৃদ্ধি ১০.৪৯ শতাংশলৈ বৃদ্ধি পায়। কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ে এই পৰিসংখ্যা প্রকাশ কৰি কয় যে এমাহতে দেশত অভিলেখ হাৰত পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ ৩.১ শতাংশ বৃদ্ধি পালে।

বাণিজ্য মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত দেশৰ পাইকাৰী বজাৰত বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে। এপ্রিলত দেশত দাইল, ফলমূল, কণী, মাংসৰ পাইকাৰী মূল্য যথেষ্ট বৃদ্ধি পাইছে।

পৰিসংখ্যা অনুসৰি উক্ত মাহত দাইলৰ ১০.৭৪ শতাংশ, ফলমূলৰ ২৭.৪৩ শতাংশ, গাখীৰৰ ২.০৪ শতাংশ আৰু কণী, মাংস, মাছৰ ১০.৮৮ শতাংশ মূল্যবৃদ্ধি হৈছিল।

Exit mobile version