ক’ভিড ফেন ক্লাবক সন্তুষ্ট কৰি ৰাখিবলৈ হ’লে কৰ’নাৰ বিৰুদ্ধে একো ক’ব নালাগিবঃ কংগনা

kangana ranaut reacts to her twitter account suspension

ক’ভিড নিগেটিভ বলীউডৰ কুইন কংগনা ৰণৌট । অৱশ্যে এই বিষয়ত বিশেষ একো নক‌য় বুলি জনালে অভিনেত্ৰীগৰাকীয়ে । কাৰণ, তেওঁ ক’ভিড প্ৰেমীসকলক অসন্তুষ্ট কৰিব নিবিচাৰে ।

ক’ভিড ‌প্ৰেমী কোন ? অভিনেত্ৰী কংগনাই নিজেই এই গোষ্ঠীৰ সন্ধান লাভ কৰিছে বুলি দাবী জনায় । গোষ্ঠীটোৰ নাম দিছে ‘ক’ভিড ফেন ক্লাব’ । এই ঘটনাৰ সূত্ৰপাত হয় আঠ মে’ত । কংগনাই জনায় যে, তেওঁ ক’ভিডত আক্ৰান্ত হৈছে । লগতে লিখে, ‘এই ৰোগ সাধাৰণ জ্বৰ, চৰ্দিৰ বাহিৰে একো নহয় । সংবাদ মাধ্যমে অলপ বেচিকৈ বঢ়াই প্ৰদৰ্শন কৰিছে । ফলত কিছু লোক ‌আতংকিত হৈ পৰিছে ।’

তেওঁ লগতে কয় যে, তেওঁ এই ভাইৰাছক ধ্বংস কৰিব । কিন্তু অতিমাৰীৰ বিষয়ে ভুৱা তথ্য প্ৰেৰণ কৰাৰ বাবে পোষ্টটো ইনষ্টাগ্ৰামৰ পৰা ডিলিট কৰি দিয়া হয় ।

ইয়াৰ পাছতেই কংগনাই ইনষ্টাত পোষ্ট কৰে, ‘এইটো জানো যে, সামাজিক মাধ্যমত সন্ত্ৰাসবাদী আৰু কমিউনিষ্টসকল আছে । এইবাৰহে গ’ম পালো, ক’ভিড ফেন ক্লাবো আছে ।’

তেওঁৰ মতে, তেওঁ ভাইৰাছক ধ্বংস কৰিব বুলি কোৱাৰ বাবেই পোষ্টটো ডিলিট কৰি দিয়া হৈছে । তেওঁৰ ধাৰণা যে, কিছুসংখ্যক লোক ক্ষুব্ধ হৈ পৰিছে । আজি পুৱাই কংগনাৰ ক’ভিড নিগেটিভ ৰিপ’ৰ্ট আহে ।

ক’ভিড ফেন ক্লাবৰ অস্তিত্বক লৈ কোনো সন্দেহ নাই অভিনেত্ৰীগৰাকীৰ । সেয়ে তেওঁ লিখে, ‘কেনেদৰে এই ভাইৰাছক ধ্বংস কৰিছো সেইটো ক’ব নোৱাৰিম । কাৰণ, ক’ভিড ফেন ক্লাবক অসন্তুষ্ট কৰাত বাধা দিয়া হৈছে মোক । ‘ তেওঁৰ অনুসৰি এনেকুৱা লোক সঁচাই আছে । ভাইৰাছক অসন্মান কৰিলে যিয়ে অসন্তুষ্ট হয় ।

Exit mobile version