কৰ’নাৰ দৰৱ মজুত কৰিব নােৱাৰিব ৰাজনৈতিক নেতাই, দিল্লী উচ্চ ন্যায়ালয়ৰ নির্দেশ

919468 902284 890540 delhi hc

ৰাজনৈতিক নেতাসকলে কৰ’নাৰ দৰৱ মজুত ৰাখিব নােৱাৰিব।মঙলবাৰে এই নির্দেশনা জাৰি কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে।

ইতিমধ্যে কোনাে নেতাই যদি কৰ’নাৰ দৰৱ-পাতি মজুত কৰি ৰাখিছে, সেয়া তৎকালীনভাৱে ৰাজ্যৰ স্বাস্থ্য বিভাগক জমা দিবলৈকো ন্যায়ালয়ে নির্দেশ দিয়ে।

মঙলবাৰে এই সন্দৰ্ভত এক গােচৰৰ শুনানি গ্ৰহণৰ সময়ত আদালতে কয়, কোনাে ৰাজনৈতিক নেতাই যদি বিনামূল্যে দৰৱ যােগানৰ বিজ্ঞাপন দিয়ে, এই দৰৱবােৰ তেওঁলােকে ক’ৰ পৰা লাভ কৰিছে ?’

উল্লেখ্য যে একাংশ ৰাজনৈতিক নেতাই কৰ’নাৰ বিভিন্ন দৰৱ গােপনে মজুত ৰখাৰ এক অভিযােগ উত্থাপিত হৈছিল।

এই সন্দৰ্ভতে দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে নির্দেশ জাৰি কৰি স্পষ্টভাৱে কয় যে কৰ’না কালত এইদৰে অত্যাৱশ্যকীয় দৰৱ কোনাে নেতাই মজুত ৰখাটো অবৈধ কার্য আৰু যদিহে কোনাে নেতাৰ হাতত ক’ভিডৰ দৰৱ-পাতি মজুত আছে তেন্তে সেয়া সংশ্লিষ্ট ৰাজ্যৰ স্বাস্থ্য বিভাগক জমা দিব লাগিব।

Exit mobile version