গৰম দিনত দৈনিক ল’বলগীয়া ছালৰ যতন

Skincare

★দিনে দুবাৰকৈ গা ধোৱক আৰু কেইবাবাৰো মুখত ঠাণ্ডা পানীৰ ছিটা মাৰক।

★ফল-মূল, কেঁচা শাক-পাচলিৰ চালাড, ফলৰ ৰস আৰু ডাবৰ পানী নিয়মিতৰূপে খালে ছাল ভালে থাকে।

★দিনে সাত/আঠ গিলাচ পানী খাওক।

★গাখীৰ আৰু নেমুৰ ৰস মিহলাই সপ্তাহত এদিনকৈ সানি ১০/১৫ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাব।

★মাজে মাজে বৰফৰ টুকুৰা মুখত আলফুলকৈ লগাওক।

★ঘামচি হৈ দাগ থাকিলে বৰষুণৰ পানীৰে গা ধুব। বেচন অথবা কৰ্পূৰ তেলো লগাব পাৰে। মৌ সানিলেও ভাল।

★সপ্তাহত এদিন অকণমান মিহি নিমখ আৰু মিঠাতেল মিহলাই পাঁচ-সাত মিনিটমান সময় মুখত সানি ঠাণ্ডা পানীৰে ধুই পেলাব।

★ময়দাৰ লগত গাখীৰৰ সৰ মিহলাই সানি শুকালে কুহুমীয়া পানীৰে ধুই পেলাবও পাৰে।

★অতি চোকা ৰ’দত কৰবালৈ যাব লগা হ’লে ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰাৰ লগতে ছাতি আৰু ছানগ্লাছ ব্যৱহাৰ কৰিব।

★ৰ’দত ছাল পুৰিলে অলিভ অইলৰ লগত নেমুৰ ৰস অথবা ভিনেগাৰ মিহলাই হাত-মুখ আৰু ডিঙিত সানি আধাঘণ্টামানৰ পিছত ধুই পেলাব

Exit mobile version