ইটালীত সন্ধান ওলাল ৭০ বছৰে পানীত ডুব গৈ থকা এখন গাঁৱৰ

italian lake reveals lost underwater village

৭০ বছৰে পানীত ডুব গৈ থকা এখন গাঁৱৰ সন্ধান ওলাল । ইয়াকে লৈ সম্প্ৰতি হৈ-চৈৰ সৃষ্টি হৈছে ইটালীৰ টাইৰোলত ।

ৰেছচেন পাছৰ কাষত অৱস্থিত লেক ৰেছিয়া । হ্ৰদৰ পৰা পানী ওলিয়াই থকা সময়ত স্থানীয় বাসিন্দাসকলৰ চকুত পৰে ডুবি থকা গাঁওখন । গাঁওখনৰ নাম কিউৰন । গাঁওখনত এশটা পৰিয়ালে বাস কৰিছিল ।

১০৫০ত এটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ সময়ত গাঁওখন পানীত জাহ যায় । দুখন হ্ৰদ সংলগ্ন কৰি দিয়া হৈছিল । সেই সময়ত গাঁওখনৰ অধিবাসীসকলে গৃহ ত্যাগ কৰি অন্য ঠাইলৈ স্থানান্তৰ কৰে ।

হঠাৎ ৭০ বছৰ পূৰ্বৰ গাঁওখনৰ সন্ধান লাভ কৰাত স্থানীয় বাসিন্দাসকলৰ মাজত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় । সামাজিক মাধ্যমত সমগ্ৰ বিষয়টো ভাইৰেল হৈ পৰে । বহুতে গাঁওখনৰ ফটোও ছেয়াৰ কৰিছে ।

Exit mobile version