ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱাৰ কিমান দিনৰ পাছত ভেকচিন গ্ৰহণ কৰিব

covid 660 170521042159

ভেকচিন লোৱাৰ সময়সীমা পুনৰ বাঢ়িব নেকি ? স্বাস্থ্য মন্ত্ৰণালয়ৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ, কৰ’নাত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ ছয়ৰ পৰা ন মাহৰ ভিতৰত ভেকচিন গ্ৰহণ কৰিব লাগে । এইটো তৃতীয়বাৰৰ বাবে সময়সীমা বৃদ্ধি কৰা হৈছে । ফলত সম্প্ৰতি এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে ।

কৰ’নাৰ পৰা আৰোগ্য হোৱাৰ পাছত ভেকচিনৰ প্ৰথম পালি কিমান দিনলৈ গ্ৰহণ কৰিব পাৰি ? স্বাস্থ্য মন্ত্ৰণালয়ৰ বিশেষজ্ঞ সমিতি ৰাষ্ট্ৰীয় কাৰিকৰী পৰামৰ্শদাতা গোট অন টিকাকৰণ বা এনভিএজিআইয়ে পৰামৰ্শ দিয়ে যে, ভেকচিনৰ প্ৰথম পালিটো কৰ’নাৰ পৰা মুক্ত হোৱাৰ ছয়ৰ পৰা ন মাহৰ ভিতৰত গ্ৰহণ কৰিব পাৰি ।

এইটো তৃতীয়বাৰৰ বাবে কৰ’না মুক্ত হোৱাৰ পাছত টিকাকৰণৰ সময়সীমা বৃদ্ধি কৰাৰ ধাৰণা প্ৰকাশ কৰা হৈছে । প্ৰথমে কোৱা হৈছিল, কৰ’নাৰ পৰা মুক্ত হোৱাৰ একৰ পৰা তিনি মাহৰ ভিতৰত ভেকচিন গ্ৰহণ কৰিব পাৰি । পাছত, সময়সীমা ছয় মাহলৈ বৃদ্ধি কৰা হৈছিল, ছয় ৰ পৰা ন মাহলৈ ।

সমগ্ৰ দেশজুৰি ভেকচিনৰ বাবে হাহাকাৰ । বহুলোকে ভেকচিন পোৱা নাই। কোনোৱে প্ৰথম পালি ভেকচিন পায় কিন্তু দ্বিতীয় পালি নাপায় ।

এনভিএজিআইয়ে পূৰ্বে ক’ভিশ্বিল্ডৰ দুটা পালিৰ মাজত সময়সীমা বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল । কেন্দ্ৰই তৎক্ষণাৎ প্ৰস্তাৱটোত সন্মত হৈছিল । এইবাৰ কৰ’নাৰ পৰা মুক্ত হোৱাৰ পাছত ভেকচিন গ্ৰহণৰ সময়সীমা বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । ই ভেকচিনটোৰ কাৰ্যকৰীতাক প্ৰভাৱিত কৰিব নেকি ? ন মাহৰ আৰম্ভণিতে ভেকচিন গ্ৰহণ কৰিলে একেই কাৰ্যকৰী হ’ব নে ? নে প্ৰতিষেধকৰ নাটনি হোৱাৰ বাবে এই সিদ্ধান্ত ? সম্প্ৰতি এই ধৰণৰ নানান প্ৰশ্নৰ উৎপত্তি হোৱা পৰিলক্ষিত হৈছে ।

Exit mobile version