গোসাইগাঁও পৌৰসভাৰ শপতগ্রহণ অনুষ্ঠান সম্পন্ন

WhatsApp Image 2021 05 19 at 2.00.55 PM

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোসাইগাওঁ মহকুমাৰ নতুনকৈ গঠন হোৱা পৌৰসভাৰ আজি শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ৬ নং কচুগাঁও সমষ্টিৰ এমচিএলএ তথা বিচিআৰৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰী, প্ৰাক্তন বিধায়ক হেমেন্দ্র নাথ ব্ৰহ্ম, সোমনাথ নাৰ্জাৰীৰ লগতে ইউপিপিএলৰ বিভিন্ন নেতা কৰ্মীসকল।

উক্ত অনুষ্ঠানত প্ৰফুল্ল ইছলাৰীক গোসাইগাঁও পৌৰসভাৰ অধ্যক্ষ আৰু ৰাজীৱ দেৱনাথক উপ অধ্যক্ষ হিচাপে লৈ মুঠ ১১ জনীয়া সমিতিয়ে আজি শপত গ্ৰহণ কৰে‌ ।

সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত গোসাইগাঁও পৌৰসভাৰ নৱ নির্বাচিত অধ্যক্ষ প্ৰফুল্ল ইছলাৰীয়ে কয় যে, গোসাইগাওঁ পৌৰসভাৰ অন্তৰ্গত কাৰ্যসমূহ মই সকলো জ্যেষ্ঠ নাগৰিক আৰু বুদ্ধিজীবীৰ পৰামৰ্শ লৈহে কৰিম । কাৰ্যসমূহ কোনোধৰণৰ দুৰ্নীতি নোহোৱাকৈ নিয়াৰিকৈ কৰি যাম বুলিও সদৰী কৰে।

ইপিনে, উপ অধ্যক্ষ ৰাজীৱ দেৱনাথে কয় যে, গোসাইগাঁৱৰ নলাৰ কামটো আমি অনতি পলমে সমাধান কৰিম আৰু গোসাইগাঁওখনক পৰিস্কাৰ পৰিচ্ছনতাৰ ক্ষেত্রত আগুৱাই লৈ যাম বুলিও সদৰী কৰে।

Exit mobile version