অলিম্পিক্সৰ পূৰ্বে ইংলেণ্ডত অনুশীলন কৰিব বিচাৰে ছানিয়াই

sania mirza says winning an olympic medal is her goal

ইংলেণ্ডত গৈ অনুশীলন কৰিব বিচাৰে ছানিয়া মিৰ্জাই । তেওঁ তাতেই বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অলিম্পিক্সৰ পূৰ্বে নিজকে প্ৰস্তুত কৰিব বিচাৰে । অৱশ্যে অকলে নহয়, নিজৰ দুবছৰীয়া সন্তানকো লৈ যাব বিচাৰে ছানিয়াই । ভাৰতৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ পৰা ইংলেণ্ডৰ চৰকাৰক অনুমতি বিচৰা হৈছে ।

ছয় জুনৰ নটিংহেম অ’পেন আৰম্ভ হ’ব । সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ছানিয়াই । বাৰ্মিংহামত অ’পেন আৰম্ভ হ’ব ১৪ জুনত । সেই প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে । পৰৱৰ্তী সময়ত তেওঁ ইষ্টবৰ্ণ অ’পেন আৰু উইম্বেলডনত খেলিব । কিন্তু ছানিয়াই ইংলেণ্ড যাবৰ বাবে অনুমোদন পত্ৰ লাভ কৰিছে যদিও তেওঁৰ পুত্ৰক ভিছা প্ৰদান কৰা হোৱা নাই ।

ছানিয়া ক্ৰীড়া মন্ত্ৰণালয়ৰ ‘টাৰ্গেত অলিম্পিক্স পডিয়াম স্কিম’ৰ অংশ । সেয়ে, পুত্ৰক লগত লৈ যাবৰ বাবে ক্ৰীড়া মন্ত্ৰণালয়ক আবেদন কৰিছে ছানিয়াই । তেওঁ জনায়, দুবছৰীয়া শিশুক এমাহৰ বাবে এৰি থৈ যোৱা সম্ভৱ নহয় ।

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে জনায়, ‘ছানিয়াই কিছুদিন পূৰ্বে আমাক আবেদন কৰিছে । এগৰাকী মাতৃৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ । তেওঁ পুত্ৰক লৈ যাব পাৰে । পুত্ৰক ঘৰত থৈ গ’লে নিশ্চিশ্ত মনে খেলিব নোৱাৰিব । মই অনুমতি দিছো । ইংলেণ্ড চৰকাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে । আশা কৰো তেওঁলোকে গুৰুত্ব বুজিব আৰু ছানিয়াক পুত্ৰক লগত লৈ যাবৰ বাবে অনুমতি দিব ।’

Exit mobile version