কাৰ্বি পাহাৰৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰিত এজনক গুলীয়াই হত্যা

DNLA(Dimasa National Liberation Army)য়ে হত্যা কৰিলে সঞ্জয় ৰংহাং নামৰ লোকজনক ।

ধনশিৰিৰ দাউজিফাঙৰ নিজ ঘৰৰ চৌহদতে এটা পাঁচ/ছয় জনীয়া দলে গুলীয়াই হত্যা কৰিলে সঞ্জয় ৰংহাঙক ।

ঘটনাৰ পাছতেই নিশা ধনশিৰীৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষীৰ এম্বুশ্ব ।

এম্বুশ্ব কালতেই সীমান্তৰ দুটাকৈ স্থানত আৰক্ষী আৰু উগ্ৰপন্থী দলটোৰে মাজত সংঘৰ্ষ হয় ।

ধনশিৰী নদী পাৰ হৈ নাগালেণ্ডত সোমাব ধৰা অৱস্থাত সংঘটিত হয় এই সংঘৰ্ষ ।

সংঘৰ্ষত এজন উগ্ৰপন্থী আহত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

কিন্তু কি কাৰণত সঞ্জয় ৰংহাঙক হত্যা কৰা হ’ল সেই সন্দৰ্ভত বৰ্তমানেও আৰক্ষীয়ে লাভ কৰা নাই কোনো তথ্য ।

সম্প্ৰতি এই ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে আৰক্ষীয়ে অব্যাহত ৰাখিছে DNLAৰ বিৰুদ্ধে অভিযান ।

Exit mobile version