তেলেংগানাত মহামাৰী আইনত বিশেষ ৰোগ হিচাপে চিহ্নিত ‘ব্লেক ফাংগাছ’

‘ব্লেক ফাংগাছ’ক মহামাৰী আইনৰ অধীনত বিশেষ ৰোগ হিচাপে চিহ্নিত কৰিলে তেলেংগানাই । তেলেংগানা চৰকাৰে নিৰ্দেশ দিছে যে, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দিয়া নিৰ্দেশমৰ্মে যেন ব্লেক ফাংগাছৰ চিকিৎসা কৰা হয় ।

বুধবাৰে এই নিৰ্দেশনা জাৰি কৰিছে তেলেংগানা চৰকাৰৰ স্বাস্থ্য বিভাগে । লগতে, তেলেংগানা চৰকাৰে ৰাজ্যৰ সকলো চৰকাৰী তথা বেচৰকাৰী চিকিৎসালয়সমূহক ব্লেক ফাংগাছত আক্ৰান্ত সন্দেজনকৰোগীৰ তথ্য প্ৰশাসনক জনাবৰ বাবে নিৰ্দেশ দিয়ে । দৈনিক ভিত্তিত এই প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব স্বাস্থ্য বিভাগত ।

তেলেংগানা চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ৰ সচিবে জনায়, পূৰ্বতে কৰ’না ৰোগত আক্ৰান্ত হোৱা সকলৰ শৰীৰতে অধিক হাৰত ব্লেক ফাংগাছৰ প্ৰভাৱ দেখা গৈছে । দীৰ্ঘদিন ধৰি এই কৰ’না আক্ৰান্তসকল ষ্টেৰ‌ইড আৰু ঔষধৰ ওপৰত থাকে, ইয়াৰ পাছতেই আক্ৰমণ কৰে ব্লেক ফাংগাছে ।

ইয়াৰ পূৰ্বে ৰাজস্থান চৰকাৰে ব্লেক ফাংগাছক মহামাৰী হিচাপে ঘোষণা কৰে । ৰোগৰ বিৰুদ্ধে যুঁজিবৰ বাবে কিছুসংখ্যক আইনো জাৰি কৰিছে ৰাজস্থান চৰকাৰে । ইতিমধ্যে মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰত এই ৰোগৰ প্ৰভাৱ দেখা গৈছে ।

Exit mobile version