দোতমা অঞ্চলত উদ্দেগজনকভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা

Assam Covid 19

সমগ্ৰ দেশৰ লগতে কোকৰাঝাৰ জিলাৰ দোতমা অঞ্চলতো উদ্দেগজনকভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা । জিলাখনৰ অধীনস্থ দোতমা ব্লকৰ অধীনত থকা দোতমা বজাৰকে ধৰি আশে-পাশে থকা গাঁও অঞ্চলৰ উপৰিও ফকিৰাগ্ৰাম চহৰতো সঘনাই ধৰা পৰিছে কৰ’না ৰোগী ।

ইতিমধ্যে ফকিৰাগ্ৰাম দোতমা আদি অঞ্চলৰ পৰা কে’বাজনো লোকৰ মৃত্যু হোৱা বাতৰি পোৱা গৈছে । তদুপৰি শতাধিক লোক কৰ’না আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । দোতমা সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ উপ-অধীক্ষক ডাঃ বলোৰাম বৰ্মনে প্ৰকাশ কৰে যে, দোতমা ভালুকমাৰী গাঁৱৰ এজন যুৱক আৰু ফকিৰাগ্ৰাম চহৰৰ বাসিন্দা সুমিত চৌধুৰীৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু হৈছে ।

সেয়ে, ডাঃ বৰ্মনে কয় যে, ক’ভিড নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে ইতিমধ্যে সান্ধ্য আইন জাৰি কৰিছে ৰাইজৰ মাজত এতিয়াও সজাগতাৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে । দোতমা অঞ্চলত মহামাৰী কৰ’নাই যিহেতু ভয়ানক ৰূপ ধাৰণ কৰিছে সেইহেতুকে সকলোকে ক’ভিড প্ৰ’ট’কল অনুসৰণ কৰি মাস্ক ব্যৱহাৰ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান ।

Exit mobile version