বৃহস্পতিৰ আকাশৰ পুঞ্জীভূত মেঘৰ নামকৰণ আৱিষ্কাৰকৰ নামত

Jupiter

পুঞ্জীভূত মেঘৰ শাৰী । গুৰুগৃহ বৃহস্পতিৰ এক বিশাল অঞ্চলজুৰি বিস্তৃতভাৱে জমা হৈ আছে মেঘৰ বিশাল খণ্ড । সেই কথা আগতেই জনাইছিল দক্ষিণ আফ্ৰিকাৰ এজন মহাকাশবিজ্ঞানীয়ে । ক্লাইড ফ’ষ্টাৰ নামৰ সেই মহাকাশচাৰীজনৰ দাবী যে সঁচা আছিল, তাৰো প্ৰমাণ দিলে নাছাৰ ‘জুনো’ নামৰ শক্তিশালী টেলিস্কোপৰ কেমেৰাৰে তোলা ফটোৱে ।

যোৱা ১৫ মে’ত তোলা সেই ফটোসমূহ দেখাৰ পাছতে আপ্লুত হৈ পৰা বিজ্ঞানীসকলে বৃহস্পতিৰ সেই অংশৰ নামকৰণ কৰিলে ক্লাইডৰ নামতে । পুঞ্জীভূত মেঘ সমৃদ্ধ বৃহস্পতিৰ উক্ত সংঘৰ নাম ৰখা হৈছে ‘ক্লাউডছ্ স্পট’ । নাছাৰ তৰফৰ পৰা বিবৃতি যোগে এই কথা জনাইছে । ফলত সম্প্ৰতি বৃহস্পতি সংক্ৰান্তিয় গৱেষণাত অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰিল মহাকাশবিজ্ঞানী ফষ্টাৰ ।

উল্লেখ্য যে প্ৰায় এবছৰৰ পূৰ্বে নিজৰ মাত্ৰ ১৪ ইঞ্চিৰ টেলিস্কোপ দিয়েই ফষ্টাৰে বৃহস্পতিৰ সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল । ফষ্টাৰে দাবী কৰিছিল যে বৃহস্পতিক ঘেৰী থকা পৰিৱেশত ঘনীভূত হোৱা মেঘে ধোঁৱাৰ আকাৰ লৈ ক্ৰমাৎ ওপৰৰ দিশে উঠি গৈ থকা তেওঁ প্ৰত্যক্ষ কৰিছে । বৃহস্পতিৰ সেই অংশটো ‘ছাউথ টেম্পাৰেণ্ট বেলটি’ নামেৰে পৰিচিত ।

নাছাৰ ‘জুনো’ৰ দ্বাৰা প্ৰেৰণ কৰা ফটো নিৰীক্ষণ কৰি বিজ্ঞানীসকলে বুজিব পাৰিছে যে, সৰু টেলিস্কোপত ক্লাইডৰ পৰ্যৱেক্ষণ অভ্ৰান্ত হ’লেও তেওঁ অতি ক্ষুদ্ৰ পৰিসৰতহে সেয়া দেখিছিল । অৱশ্যে, সেই টেলিস্কোপতো যে নিৰীক্ষণ ইমান নিখুঁত হ’ব পাৰে, সেই দক্ষতাক সন্মান জনায়ে ক্লাইডৰ নামত নামাংকিত হ’ল বৃহস্পতি গ্ৰহৰ সেই অংশ ।

নাছাই জনাইছে যে, বৃহস্পতিৰ ‘গ্ৰেট ৰেড স্পট’ অংশৰ ওপৰত এই মেঘ দেখা গৈছে । এই অংশটোৱেই পৃথিৱীৰ কমেও ১.৩ গুণ । অৱশ্যে এই মেঘাচ্ছন্ন অৱস্থা অতি ক্ষণস্থায়ী । আনকি বৃহস্পতিৰ বতৰৰ যিকোনো পৰিৱেশেই বেছি ক্ষণৰ বাবে সৃষ্টি নহয় । জুনোৱে প্ৰেৰণ কৰা ফটোসমূহ ভালদৰে বিশ্লেষণ কৰি এই তথ্য লাভ কৰিছে নাছাৰ অভিজ্ঞ বিজ্ঞানীসকলে ।

দক্ষিণ আফ্ৰিকাৰ মহাকাশ বিজ্ঞানীৰ ক্লাইডৰ দৃষ্টিগোচৰ হৈছিল যে নতুন কোনো দাগ বৃহস্পতিৰ বুকুত সৃষ্টি হৈছে । মিথেন গেছ ঘনীভূত হ’লে যেনে দাগ হয়, তাৰ স’তে বহু মিল থকা বুলিও ক্লাইডে ধাৰণা কৰিছিল । অৱশ্যে কিছু ক্ষণৰ পাছত সেই দাগ উধাও হয় ।

এইবাৰ জুনোৰ মাধ্যমেৰে সেই অন্তৰ্ধান হোৱাৰ ৰহস্যটোকে ভেদ কৰিলে নাছাৰ বিজ্ঞানীয়ে । বৃহস্পতিৰ আকাশৰ ধুমুহাৰ সৃষ্টি হ’লে তাৰ বিস্তাৰ কমেও ৩২০ কিলোমিটাৰলৈ হ’ব পাৰে । অৱশ্যে পুঞ্জীভূত মেঘ দ্ৰুতগতিৰে আঁতৰি যায় । সেয়ে সকলোবোৰ ক্ষণস্থায়ী । জুনোৰ মাধ্যমেৰে বৃহস্পতিৰ সন্দৰ্ভত এনে অনেক অজান তথ্য‌ই সম্প্ৰতি পোহৰলৈ আহিছে ।

Exit mobile version