কোকৰাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ গুৰুফেলা উন্নয়নখণ্ডৰ অধীন গুৰুফেলা দুই নং হাতিগড় গাঁৱৰ এটি জৰাজীৰ্ণ দলঙৰ বাবে ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷
তিনিটা দশকৰ পৰা দলংখন বিধ্বস্ত ৰূপ ধাৰণ কৰি আহিছে যদিও বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ গাঁওখনত প্ৰৱেশ-প্ৰস্থানৰ একমাত্ৰ পথত থকা দলংখন দীৰ্ঘ দিনৰ পৰা জৰাজিৰ্ণ ৰূপ ধাৰণ কৰি আছে ।
ৰাজ্য তথা বিটিচি চৰকাৰে কোনো গুৰুত্ব দিয়া নাই বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷ দলংখন নিৰ্মাণৰ বাবে ৰাইজে দীৰ্ঘ দিনৰ পৰা দাবী কৰি আহিছে যদিও বিটিচি চৰকাৰেও গুৰুত্ব দিয়া নাই ৷
উক্ত দলংখনেৰে ছয়খন গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁওবাসী ৰাইজে প্ৰতিদিনে দুৰ্ভোগ ভুগি আছে ৷ সেয়ে উক্ত অঞ্চলৰ ৰাইজে দলংখন শীঘ্ৰে নিৰ্মাণ কৰিবলৈ বিটআৰ প্ৰধান প্ৰমোদ বড়োৰ ওচৰত দাবী জনাইছে ।