হায়দৰাবাদৰ এই যুৱতীয়ে মাইক্র’ছফ্টত লাভ কৰিলে চাকৰি, বেতন দুই কোটি টকা

183317348 3901563179964755 540674605702582350 n 1621489700647 1621489707796

হায়দৰাবাদৰ এগৰাকী ছাত্ৰীয়ে আমেৰিকাৰ আগশাৰীৰ প্রযুক্তি প্রতিষ্ঠান মাইক্ৰ’ছফ্টত চাকৰিৰ প্ৰস্তাৱ লাভ কৰিলে।

দিপ্তী নৰকুটি নামৰ ছাত্ৰীগৰাকীয়ে মাইক্র’ছফ্টৰ চিয়াটলত থকা মুখ্য কার্যালয়ত ছফটৱেৰ ডেভেলপমেন্ট ইঞ্জিনিয়াৰিঙৰ গ্রেড-২ৰ পদত কৰ্মৰত হ’ব।

প্রকাশিত বাতৰি অনুসৰি দিপ্তীয়ে মাইক্র’ছফক্টৰ পৰা বছৰি তিনি কোটি টকাৰ বেতন লাভ কৰিব। দিপ্তীয়ে অলপতে আমেৰিকাৰ ফ্ল’ৰিডাৰ বিশ্ববিদ্যালয়ৰ পৰা এম এছ পাঠ্যক্রম সম্পূর্ণ কৰিছিল।

দিপ্তীয়ে এমেজনৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ পৰাও চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছিল। কিন্তু মাইক্র’ছফটে তেওঁক তিনিশ প্রার্থীৰ মাজৰ পৰা নির্বাচিত কৰাৰ লগতে সর্বাধিক বেতন প্রদানৰ প্ৰস্তাৱ দিয়াত দিপ্তীয়ে উক্ত প্রতিষ্ঠানত কৰ্মৰত হােৱাৰ সিদ্ধান্ত ল’লে।

ইয়াৰ পূর্বে দিপ্তীয়ে জে পি মর্গেনত ছফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। দিপ্তীয়ে হায়দৰাবাদৰ ওচমানিয়া কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা স্নাতক ডিগ্রী গ্ৰহণ কৰিছিল।

Exit mobile version