পশ্চিম কাৰ্বি আংলঙতো অতিমাৰী ক’ভিড-১৯ য়ে লৈছে ভয়ংকাৰী ৰূপ

গণ সংক্ৰমণ বৃদ্ধি পোৱাৰ সন্দেহত শংকিত পাহাৰীয়া জিলাবাসী

WhatsApp Image 2021 05 22 at 8.14.56 AM

ৰাজ্যৰ অন্য জিলাৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলং জিলাতো অতিমাৰী ক’ভিড-১৯ য়ে লৈছে ভয়ংকাৰী ৰূপ।

ADVERTISEMENT

গণ সংক্ৰমণ বৃদ্ধি পোৱাৰ সন্দেহত শংকিত হৈ পৰিছে পাহাৰীয়া জিলাবাসী। খেৰণি আদর্শ চিকিৎসালয়ত ক’ভিড-১৯ৰ আক্ৰান্তত আজি মৃত্যু হয় এগৰাকী বৃদ্ধাৰ।

মৃত ৰোগীগৰাকী খেৰণি কছাৰী গাঁৱৰ বেলভোটি দেৱী(৬০) বুলি চিকিৎসালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে জানিবলৈ দিছে। যোৱা কিছুদিন ধৰি ব্লাড ডিচেন্ত্ৰী ৰোগত ভুগি আছিল বেলভোটি নামৰ বৃদ্ধাগৰাকী।

পৰিপ্ৰেক্ষিতত শুক্ৰবাৰে চিকিৎসাৰ বাবে খেৰণি আদৰ্শ চিকিৎসালয়ত অনা হৈছিল বেলভোটি দেৱীক। কিন্তু চিকিৎসা প্রদান কৰাৰ পূৰ্বে ক’ভিড পৰীক্ষা কৰাত ধৰা পৰে বৃদ্ধাগৰাকীৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতিৰ কথা।

ইয়াৰ পাছতেই ক’ভিড কেয়াৰ চেণ্টাৰত প্ৰেৰণ কৰাৰ বাবে প্ৰস্তুতি কৰাৰ সময়তে মৃত্যু ঘটে বৃদ্ধাগৰাকীৰ। এই খৱৰ বিয়পি পৰাৰ লগে লগে শংকিত আৰু উদ্বিগ্ন হৈ পৰিছে এতিয়া পশ্চিম কাৰ্বি আংলংবাসী।

Exit mobile version