প্ৰতিষেধক নাই, ১৮ৰ ঊৰ্ধ্বৰ সকলৰ টিকাকৰণ বন্ধ দিল্লীত, ঘোষণা কেজৰিৱালৰ

03065cfa b7be 11eb 8b7d 20c4334652de 1621331712455

প্ৰতিষেধক নাই দিল্লীত, সেয়ে শনিবাৰৰ পৰা ১৮ বছৰ বয়সৰ ঊৰ্ধ্বৰ টিকাকৰণ কাৰ্যসূচী স্থগিত কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

আজি এক সংবাদ মেলত মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘শনিবাৰৰ পৰা ১৮ৰ ঊৰ্ধ্বৰসকলৰ টিকাকৰণ স্থগিত কৰা হৈছে । জমা প্ৰতিষেধক সমাপ্ত হৈছে । সেয়ে, প্ৰতিষেধক কেন্দ্ৰসমূহ বন্ধ কৰা হৈছে ।’ কিছু কেন্দ্ৰত থকা সামান্য সংখ্যক প্ৰতিষেধক আজি কামত লগোৱা হৈছে বুলি জনায় মুখ্যমন্ত্ৰীখৰাকীয়ে ।

তেওঁ লগতে জনায় যে, সমগ্ৰ দিল্লীবাসীৰ টিকাকৰণৰ বাবে ৮০ লাখ প্ৰতিষেধকৰ পালিৰ প্ৰয়োজন । ইয়াৰ পাছতেই তেওঁ কেন্দ্ৰক আবেদন জনায় যে, প্ৰতিষেধকৰ নাটনিৰ পৰা ৰাজ্যসমূহক স্বস্তি দিবৰ বাবে বিদেশৰ পৰা প্ৰতিষেধক ক্ৰয় কৰাৰ ব্যৱস্থা কৰক । তেওঁ কয়, ‘কেন্দ্ৰ‌ই বিদেশৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিষেধক ক্ৰয় কৰি ৰাজ্যসমূহক সৰবৰাহ কৰিব লাগে ।’

এনে বহু দেশ আছে যিয়ে প্ৰয়োজনতকৈ অতিৰিক্ত প্ৰতিষেধক সঞ্চয় কৰি ৰাখিছে । অতিৰিক্ত প্ৰতিষেধক ভাৰতক প্ৰদান কৰিবলৈ কেন্দ্ৰক সেই দেশসমূহক আবেদন জনোৱাৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰী কেজৰিৱালে । বৈদেশিক সংস্থাবোৰক ভাৰতত প্ৰতিষেধক প্ৰস্তুত কৰিবৰ বাবে অনুমোদন দিয়া প্ৰয়োজন বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Exit mobile version