বছৰি এশ কোটি পালি ক’ভাক্সিন উৎপাদন কৰিব ভাৰত বায়’টেকে

1593809007 1781 1

বছৰি ২০ কোটি পালি অতিৰিক্ত ক’ভাক্সিন প্রতিষেধক উৎপাদনৰ সিদ্ধান্ত ল’লে ভাৰত বায়’টেকে। ফলত প্রতিষ্ঠানটোৱে প্ৰতি বছৰে মুঠ এশ কোটি ক’ভিড প্রতিষেধক দেশত উৎপাদন কৰিব।

ভাৰত বায়’টেকে আজি এই কথা প্রকাশ কৰি জনােৱা মতে,হায়দৰাবাদৰ লগতে আংকেলেশ্বৰত থকা উৎপাদন গােটক ক’ভাক্সিন প্রস্তুতকৰণৰ কামত কোম্পানীটোৱে ব্যৱহাৰ কৰিব।

অহা অক্টোবৰৰ পৰাই এই নতুন কেন্দ্র প্রতিষেধক উৎপাদন হ’ব পাৰে। ভাৰত বায়’টেকৰ সহ প্রতিষ্ঠাপক সুচিত্রা এলাই শুকুৰবাৰে কয়, “আংকেলেশ্বৰত থকা গােটত অতিৰিক্ত ২০ কোটি পালি ক’ভাক্সিন উৎপাদন কৰা হ’ব।’ ফলত ভাৰত বায়’টেকে বছৰি দেশত এশ কোটি পালি প্রতিষেধক উৎপাদন কৰা সম্ভৱ হ’ব।

Exit mobile version