বিশ্বত কৰ’নাত মৃত্যু প্ৰায় ৮০ লাখ, তথ্য গোপনৰ অভিযোগ হু-ৰ

Covid death 696x392 1

কৰ’নাত বিশ্বজুৰি প্ৰায় ৮০ লাখ মানুহৰ মৃত্যু হোৱা বুলি দাবী জনাইছে বিশ্ব স্বাস্থ্য সংস্থা (হু)এ । তেওঁলোকৰ দাবী বহু দেশে তথ্য গোপন কৰিছে । ফলত সংখ্যা কম দেখুওৱা হৈছে ।

বাৰ্ষিক ‘ৱৰ্ল্ড হেল্থ ষ্টেটিছটিক্স ৰিপ’ৰ্ট’ প্ৰকাশ কৰোতে এই কথা জনায় হু-এ । প্ৰতিবেদনত কোৱা হয়, ২০২০ত বিশ্বজুৰি কৰ’নাত ১৮ লাখ মানুহৰ মৃত্যু হৈছে । কিন্তু প্ৰকৃততে প্ৰায় ৩০ লাখ মানুহৰ মৃত্যু হৈছে । অৰ্থাৎ ১২ লাখৰ মৃত্যু গোপন কৰা হৈছে ।

হু-এ জনায়, ‘বিশ্বৰ বিভিন্ন দেশে কৰ’নাৰ স’তে জড়িত মৃত্যুৰ হিচাপত খেলিমেলি কৰিছে । সেয়ে আমাৰ হাতত থকা তথ্য সঠিক নহয় । প্ৰকৃততে ইয়াৰ দ্বিগুণ মৃত্যু হৈছে ।’

হু-ৰ তথ্য অনুসৰি, চলিত বৰ্ষত ২১ মে’ পৰ্যন্ত ক’ভিড আক্ৰান্ত হৈ বিশ্বত ৩৪ লাখ মানুহৰ মৃত্যু হৈছে । কিন্তু হু-ৰ মতে, মৃত্যুৰ প্ৰকৃত সংখ্যা হৈছে প্ৰায় ৮০ লাখ ।

সংস্থাৰ এছিষ্টেণ্ট ডিৰেক্টৰ জেনেৰেল ছামিৰা আছমাই কয়, ‘লেটিন আমেৰিকা আৰু এছিয়াৰ বিভিন্ন দেশত মৃত্যুৰ হাৰ বৃদ্ধি পাইছে । সেয়ে আমি ধাৰণা কৰিছো যে বিশ্বত প্ৰায় ৮০ লাখৰ মৃত্যু হৈছে । আমি বিভিন্ন দেশক সঠিক তথ্য জনাবৰ বাবে নিৰ্দেশ দিছো । কাৰণ, কোনো অতিমাৰীত কিমান মানুহৰ মৃত্যু হৈছে সঠিককৈ নাজানিলে পৰৱৰ্তী অতিমাৰীৰ বাবে প্ৰস্তুতিত সমস্যা হ’ব পাৰে । সেয়ে আগৰ পৰাই আমাৰ হাতত সঠিক তথ্য থকা প্ৰয়োজনীয় ।’

Exit mobile version