বোৱাৰী নিৰ্যাতনকাৰীক তামাৰহাট আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগঃ তিনি অপৰাধিক আটক কৰিও মুকলি কৰি দিয়াৰ অভিযোগ

WhatsApp Image 2021 05 22 at 4.42.49 PM 1

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ আৰক্ষীয়ে বোৱাৰী নিৰ্যাতনকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে ৷ তিনি অপৰাধীক আটক কৰিও মুকলি কৰি দিয়াৰ অভিযোগ ৷

উল্লেখ্য যে গোসাইগাঁও মহকুমাৰ অন্তৰ্গত আহমেদপুৰ গাঁৱৰ বাসিন্দা নূৰ মহম্মদৰ জীয়ৰী নূৰবানু বিবিৰ তামাৰহাট থানাৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ বাসিন্দা মোহৰ আলীৰ পুত্ৰ আমিনুৰ ৰহমানৰ স’তে ১৭ বছৰ পূৰ্বে ইছলাম ধৰ্মীয় নীতি-নিয়মমতে বিবাহ সম্পন্ন হয় ৷ কিন্তু বিবাহৰ কিছুদিন পাছৰ পৰাই লম্পট আমিনূৰ ৰহমানে পত্নীক নিৰ্যানত চলাইছিল ৷

যোৱা ১৪ মে’ত আমিনূৰে পত্নীক মাৰপিট কৰি পিতৃ গৃহলৈ খেদি পঠিয়ায় ৷ পাছত হাতীধুৰা ব্লক মানৱ অধিকাৰ ৰক্ষা পৰিষদৰ উদ্যোগত যোৱা ১৮ মে’ত অনুষ্ঠিত সভাত সকলো বিষয় মিমাংসা হয় ৷ সেইমতে নূৰবানু বিবিয়ে ১৯ মে’ত স্বামী গৃহত উপস্থিত হোৱাৰ লগে লগে স্বামী আমিনূৰ ৰহমানৰ নেতৃত্বত পৰিয়ালৰ সদস্যই নূৰবানু বিবিক আক্ৰমণ কৰি খেদি পঠিয়ায় ৷

ঘটনা সন্দৰ্ভত নূৰবানু বিবিয়ে স্বামী আমিনূৰ ৰহমানৰ লগতে মোহৰ আলী,‌ আবুল শেখ, মইলুল হক, আক্ৰাৰ আলী, হাফিজুল শ্বেখ, হামিদ আলী, আবৰন বিবি, মনোৱাৰা বিবি, মফিদা বিবি, পৰজাহান বিবি আৰু আজাদ শ্বেখৰ বিৰুদ্ধে তামাৰহাট থানাত এজাহাৰ দাখিল কৰে ৷

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দনণ্ডবিধিৰ অধীনত ১৪৩/৩৪১/৩২৫/৩৭৯/৫০৬ ধাৰাত ১১১/২১ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি আবুল শ্বেখ, হাফিজুল শ্বেখ আৰু মোহৰ আলীক আটক কৰিছিল যদিও নিৰ্যাতনকাৰী স্বামী আমিনূৰ ৰহমানসহ আন কেইজন আচামী পলাতক অৱস্থাত আছে ৷ আৰক্ষীয়ে মূল অভিযুক্ত আমিনূৰ ৰহমানক আটক কৰিব নোৱাৰৰ লগতে আটক কৰা তিনিজন আচামীকো মুকলি কৰি দিছে ৷

আৰক্ষীৰ এনে স্থিতিক ভুক্ত নূৰবানু বিবিৰ পৰিয়ালে সমালোচনা কৰাৰ লগতে তামাৰহাট আৰক্ষীয়ে অপৰাধী ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷ নূৰবানু বিবিৰ পৰিয়ালে ঘটনাটো ধুবুৰী জিলা আৰক্ষী অধীক্ষকক হস্তক্ষেপ কৰি উচিত ন্যায় বিচাৰি আবেদন কৰে ৷

Exit mobile version