ৰিতুল শ‌ইকীয়াৰ মুক্তিত অসম আৰক্ষীৰ ভূমিকা নাইঃ ডিজিপি

আজি আলফা(স্বা)ই অপহৰণ কৰা অ’এনজিচি-ৰ ৰিতুল শ‌ইকীয়াক সংগঠনটোৱে মুক্তি দিয়ে । এই সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত‌ই কয় যে, ৰিতুল শ‌ইকীয়াৰ মুক্তিত অসম আৰক্ষীৰ কৃতিত্ব নাই । তেওঁ ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় ।

সাংবাদিকৰে এক সাক্ষাৎকাৰত আৰক্ষী সঞ্চালক প্ৰধানজনে কয়, ‘আলফা(স্বা)ই অপহৰণ কৰা অ’এনজিচি-ৰ কৰ্মচাৰী ৰাতুল শ‌ইকীয়াৰ উদ্ধাৰ কাৰ্যত অসম আৰক্ষীৰ কোনো কৃতিত্ব নাই । এয়া মুখ্যমন্ত্ৰীৰ বিচক্ষণ, অধ্যয়নপুষ্ট আৰু একাগ্ৰ আহ্বানৰহে কৃতিত্ব ।’

তেওঁ লগতে কয়, ‘নাগালেণ্ড পুলিচ আৰু আসাম ৰাইফলচৰ সহযোগত অসম পুলিচে ৰিতুল শ‌ইকীয়াক যাৱতীয় সুৰক্ষা প্ৰদান কৰাতোৱে আমাৰ কৰ্তব্য আছিল । ইয়াৰ বাহিৰে এই ক্ষেত্ৰত অসম পুলিচে কোনো ভূমিকা গ্ৰহণ কৰা নাই ।’

Exit mobile version