কনডম পৰীক্ষা কৰিব অভিনেত্ৰী ৰাকুলপ্রীতে

76817714

কিছুদিন পূর্বেই বাতৰি ওলাইছিল যে কনডম পৰীক্ষা কৰা চৰিত্ৰত অভিনয় কৰিবলৈ অসন্মতি জনাইছিল ছাৰা আলী খান আৰু অনন্যা পাণ্ডেই। এইবাৰ সেই চৰিত্ৰত অভিনয় কৰিব ৰাকুলপ্রীত সিঙে।

ADVERTISEMENT

বলিউদৰ ছবিত সম্পূর্ণ অগতানুগতিক এক চৰিত্ৰত অভিনয় কৰিব নতুন প্রজন্মৰ সুন্দৰী অভিনেত্রীগৰাকীয়ে। এই অগতানুগতিক চৰিত্ৰটো হৈছে এটা কনডম কোম্পানীৰ উৎপাদিত কনডমৰ গুণগত মান পৰীক্ষা কৰা।

ৰণী স্ক্ৰুৱালাই প্রযােজনা কৰা তথা তেজছ দেওস্কৰে পৰিচালনা কৰা ছবিখনৰ নাম এতিয়াও স্থিৰ হােৱা নাই। প্রাপ্ত তথ্য অনুসৰি, ৰাকুলপ্রীতৰ চৰিত্ৰটো এটা কোম্পানীৰ কৰ্মচাৰী।

তেওঁৰ কামটো হ’ব বিভিন্ন গর্ভনিৰােধকৰ মান পৰীক্ষা কৰা। স্বাভাৱিকতে এই ধৰণৰ অগতানুগতিক তথা সাহসী চৰিত্ৰত অভিনয়ৰ সুযােগ পাই পুলকিত হৈ পৰিছে বলিউদৰ মাদক-কাণ্ডত জড়িত হােৱা নায়িকাগৰাকী।

কুলপ্রীতে কয়, ‘এনে চৰিত্ৰ মােৰ বাবে একেবাৰে নতুন। যাৰ বাবে মই অভিনয়ৰ বাবে উদ্বাউল হৈ আছাে। মই যথেষ্ট ৰােমাঞ্চিত। এই ধৰণৰ এটা চৰিত্ৰৰে মই অভিনয়ৰাে পৰীক্ষা-নিৰীক্ষা কৰিব পাৰিম।

কেৱল নিজৰ চৰিত্ৰই নহয়, ছবিৰ বিষয়বস্তুক লৈও তেওঁ সন্তুষ্ট। কুলপ্রীতে কয় যে এই ধৰণৰ গুৰুত্বপূর্ণ বিষয়ক লৈ লঘু মছলাযুক্ত ছবিও নির্মাণ হােৱা উচিত। ইয়াৰ ফলত মানুহৰ সচেতনতা বাঢ়িব বুলিও তেওঁ কয়। বছৰৰ শেষৰ ফালে ছবিখনৰ চিত্রগ্রহণ আৰম্ভ হ’ব।

Exit mobile version