তলাবন্ধৰ ম্যাদ এসপ্তাহ বৃদ্ধি হ’ল দিল্লীত

৩১ মে'ত 'আনলক পৰ্ব'ৰ সম্ভাৱনাঃ কেজৰিৱাল

india gate new delhi lockdown 1598248939

দিল্লীত এসপ্তাহলৈ বৃদ্ধি কৰা হ’ল তলাবন্ধ । দেওবাৰে এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । ৰাজধানীত সম্প্ৰতি পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্ৰিত । যোৱা মাহত দিল্লীৰ কৰ’না সংক্ৰমণৰ হাৰ ২৫ শতাংশ আছিল, সম্প্ৰতি এই হাৰ হ্ৰস পায় ৩.৫৮ শতাংশ হ’লগৈ ।

বিগত তিনিদিন ধৰি দৈনিক সংক্ৰমণৰ হাৰ চাৰি হেজাৰতকৈও কম । তৎস্বত্তেও তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়, দিল্লীৰ ক’ভিড লেখচিত্ৰ নিম্নগামী হৈছে । এনেদৰে পৰিস্থিতি নিয়ন্ত্ৰিত হৈ থাকিলে ‘আনলক পৰ্ব’ আৰম্ভ কৰিব চৰকাৰে । এই পৰ্ব আৰম্ভ হ’ব আগন্তুক ৩১ মে’ৰ পৰা ।

মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘সম্প্ৰতি আমাৰ এটাই লক্ষ্য দিল্লীৰ সকলো নাগৰিকক আগন্তুক তিনি মাহৰ ভিতৰত প্ৰতিষেধক প্ৰদান কৰা । সকলোকে প্ৰতিষেধক প্ৰদান কৰা সম্পূৰ্ণ হ’লেই তৃতীয় ঢৌৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ হ’ব ।’

Exit mobile version